কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কপীনkapīnaNoun
কপিং; সন্ন্যাসীৰ লেংটি; নিচেই ঠেক কাপোৰ
å small piece of cloth worn over the private parts
- কপীন্দ্ৰkapīndraNoun
বান্দৰৰ ৰজা; বালী
Bālī, the monkey-king
- কপুৰাkapurāNoun
এবিধ গুটি লগা গছ; যেনে-"কমলা কপুৰা কণ্টকী যে নাৰিকল" (মা. ক. সুন্দৰাকাণ্ড)।
- কপোতkapotaNoun
পাৰ চৰাই
pigeon
- কপোলkapolaNoun
গাল
cheek
- কপোলদেশko.po`l.dexMaterial Noun
চকুৰ তলত আৰু হনুৰ ওপৰত মুখৰ দুয়ো ফাল।
either side of the face below the eye and above the jaw.
- কপৌkapauNoun
পাৰ জাতিৰ এবিধ বনৰীয়া চৰাই; [ইয়াৰ অনেক উপজাতি আছে; যেনে-হাৰুবা, কঁটীয়া-কপৌ, শিল-কপৌ, শেত- কপৌ]।
- কপৌ-ফুলkapau-phulaNoun
ঠেক, দীঘলীয়া পাতেৰে এবিধ গছৰ গাত গজা বন আৰু তাৰ ফুল [কপৌ চৰাইৰ আকৱতিৰ সৰু সৰু ফুলবিলাক এডাল দীঘল ঠাৰিৰ চাৰিওমেৰে থোপা বান্ধি চ'ত মাহত ফুলে]
a species of orchid
- কপৌ-মাহkapau-māhaNoun
এবিধ মাটিমাহ।
- কপৌ-লতাkapau-latāNoun
ঢেকীয়া পাতৰ নিচিনা সৰু সৰু পাতেৰে এবিধ লতা [এই লতাৰ পাতেৰে ঘাই-পতা কাপৌৰ সজাটো ঢাকি দিয়ে]
a kind of creeper
- কপৌফুলko.pou.phulCommon Noun
অসম, অৰুণাচল আদিত হোৱা এবিধ জনপ্ৰিয় পৰজীৱী ফুল৷
an orchid with purple flowers grown in the lower Himalayan areas and spread up to the Yunnan province of China
- কপ্ জপ্, কপ্জপনিkap, jap, kapjapaniNoun
বক্বকনি; পানীত পৰি উঠিবৰ কাৰণে হাত-ভৰি জোকাৰি কৰা চেষ্টা
the struggle of a drowning man
- কপ্কপনিkapkapaniNoun
কপ্ কপ্ কৰা কাৰ্য্য; টপ্ টপনি; গৰৈ, মাগুৰ আদি মাছে পানীত উশাহ লওঁতে হোবা শব্দ
an imitative word used to express the sound produced by certain fishes while breathing in water
- কপৰাkaparāNoun
কপাহৰ চুপহি
an upopened pod of cotton
- কপৰা-ধৰাkaparā-dharāNoun
আহোম ৰজাৰ দিনৰ এটা খেলৰ নাম।
- কপৰ্টিকko.por.tikCommon Noun
A person who requests for money, food, shelter, drugs, alcohol, or other necessities as donations, i.e. free of cost, from people they encounter .
- কপৰ্দকkapardakaNoun
ক়ড়ী
a cowrie shell
- কপৰ্দিনীko.por.di.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- কপৰ্দীProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- কপৰ্দ্দকkaparddakaNoun
ক়ড়ী
a cowrie shell