কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বন্দৱস্তbon.do.bos.toAbstract Noun
কোনো বিশেষ উদ্দেশ্য সাধনৰ বাবে সজা, স্থাপন কৰা বা প্ৰতিস্থা কৰা কোনো বস্তু।
sth that is built, installed or established to serve a particular purpose, such as a Hospital.
- বন্ধbandhaAdjective
ৰুদ্ধ; মেল খাই নথকা; জাপ খাই থকা
closed; shut-up
- বন্ধকbandhakaNoun
অইনৰ ওচৰত কোনো বস্ত্ত থৈ ধাৰ লোবা কাৰ্য্য; ; বিণ. বন্ধকী বন্ধকত ৰখা; বন্ধকৰ সম্পৰ্কীয়
mortgage ; mortgaged; relating to a mortgage
- বন্ধক দিওঁতাCommon Noun
নিজৰ স্বত্ব সম্পূৰ্ণৰূপে এৰি নিদিয়াকৈ ধন বা সা-সুবিধাৰ বিনিময়ত কাৰোবাৰ হাতত সম্পত্তি তুলি দিয়া ব্যক্তি
One who pledges something as security without delivery of title or possession.
- বন্ধক লওঁতাCommon Noun
যি কোনো সম্পত্তি বন্ধকত লয়
a person to whom property is mortgaged
- বন্ধকদাতাbon.dhok.dataCommon Noun
নিজৰ স্বত্ব সম্পূৰ্ণৰূপে এৰি নিদিয়াকৈ ধন বা সা-সুবিধাৰ বিনিময়ত কাৰোবাৰ হাতত সম্পত্তি তুলি দিয়া ব্যক্তি
One who pledges something as security without delivery of title or possession.
- বন্ধকী খতCommon Noun
সম্পত্তি বন্ধকত ৰখা সম্পৰ্কীয় যাৱতীয় আইনী পত্ৰ বা নথি
a bond secured by a mortgage on real estate or other property
- বন্ধকী দলিলCommon Noun
সম্পত্তি বন্ধকত ৰখা সম্পৰ্কীয় যাৱতীয় আইনী পত্ৰ বা নথি
a bond secured by a mortgage on real estate or other property
- বন্ধনNoun
ক'লৈকো যাবলৈ নিদিয়া কাৰ্য্য; বন্ধা বা আটক কৰা কাৰ্য্য
the act of confining or binding
- বন্ধনীbandhanīNoun
কোনো অঙ্ক বা বাক্য আদি বেৰি ৰখা চিন- যেনে-"{}, [], ()"
a bracket
- বন্ধাbandhāNoun
কোনো এক নিৰ্দ্দিষ্ট কালৰ নিমিত্তে বা ধাৰ শুজিব নোবৰালৈকে খাটিবৰ নিয়মে চাকৰ হোবা মানুহ; বন্ধুবা
one borrowing money on condition of serving his creditor as a servant for a certain period of time or until the debt is paid off
- বন্ধা গোলামbon.dha go`.lamCommon Noun
one who is forced to work as a servant, unpaid servants
- বন্ধা-কবিbandhā-kabiNoun
"কবি" চোবাঁ; পাতবিলাক ঘোৰ বা মেৰ খাই বান্ধ লোবা শাক
cabbage
- বন্ধাকবিbon.dha.ko.biCommon Noun
সৰিয়হ গোত্ৰৰ অন্তৰ্গত ব্ৰাছিকা প্ৰজাতিৰ এক পাচলিজাতীয় উদ্ভিদ, যাৰ চুটি কাণ্ডক সেউজীয়া বা কজলা ৰঙৰ পাতে ওপৰা-উপৰিকৈ বান্ধি ৰাখে।
A European vegetable (Brassica oleracea var. capitata) of the mustard family, having a globose head consisting of a short stem and tightly overlapping green to purplish leaves.
- বন্ধুbandhuNoun
মিত্ৰ; সখি; সুহৱদ; লগৰীয়া; হিতকাৰী লোক
a friend; a companion; a well-wisher
- বন্ধু-বান্ধৱbon.dhu-ban.dhobCommon Noun
একেলগে থকা বা ফুৰা ব্যক্তিসকল ৷
a friend,colleague or a companion
- বন্ধুপ্ৰীতিbon.dhu.pri.tiAbstract Noun
নিজৰ বন্ধুৰ প্ৰতি থকা মৰম, ভালপোৱা৷
the love, attachment for one's friend.
- বন্ধুপ্ৰেমbon.dhu.premAbstract Noun
নিজৰ বন্ধুৰ প্ৰতি থকা মৰম, ভালপোৱা৷
the love, attachment for one's friend.
- বন্ধুবাbandhubāNoun
বন্ধা চাকৰ; ধাৰত বান্ধ লৈ কাম কৰি দিব লগা মানুহ
one serving as a servant in payment of debt
- বন্ধুভাৱbon.dhu.bhabAbstract Noun
দুজন বন্ধু বা মিত্ৰৰ মাজৰ সম্পৰ্ক অথবা পৰস্পৰৰ প্ৰতি সহায়ৰ মনোভাৱ
the relationship between two friends or their good helpful attitude towards each other