কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খিৰিংkhirimNoun
দুটা লাহি অথচ টান বস্ত্ত পৰস্পৰ অলপকৈ ঘঁহনি বা ষুঁজ খালে হোবা শব্দ; আন কাৰণত হোবা সেই নিচিনা শব্দ
an imitative work used to express the sound caused by two hard slender bodies clashing or rubbing against one another slightly
- খিৰিকীkhi.ri.kiMaterial Noun
পোহৰ আৰু বতাহ সোমোৱাৰ সুবিধাৰ কাৰণে ঘৰৰ বেৰ বা চালত ৰখা ডাঙৰ ফুটা, য’ত সাধাৰণতে কাঠ, বাঁহ বা ধাতুৰে নিৰ্মিত গাঁথনিত আইনা আদি লগাই খোলা-বন্ধ কৰিব পৰা ব্যৱস্থা থাকে ৷
An opening constructed in a wall or roof that functions to admit light or air to an enclosure and is often framed and spanned with glass mounted to permit opening and closing.
- খিৰিক্khirikNoun
দুটা লাহি অথচ টান বস্ত্ত পৰস্পৰ অলপকৈ ঘঁহনি বা ষুঁজ খালে হোবা শব্দ; আন কাৰণত হোবা সেই নিচিনা শব্দ
an imitative work used to express the sound caused by two hard slender bodies clashing or rubbing against one another slightly
- খিৰিসাkhirisāNoun
পগাই ঘন কৰা গাখীৰ; যেনে -"সত্যসন্ধা বোলে ওৰে চন্দৰী শুনিয়ো। শঙ্কৰক লাগি ঘন খিৰিসা কৰিয়ো" (শঙ্কৰ- চৰিত)।
- খীৰkhīraNoun
ক্ষীৰ; গাখীৰ; ; তপতাই কৰা ঘন গাখীৰ
milk ; milk cream
- খীৰণNoun
গাই খীৰোবা কাৰ্য্য; গাখীৰ উলিওবা কাৰ্য্য
the act of milking
- খীৰতী গাইkhi.ro.ti gaiCommon Noun
গাখীৰ দিয়া গাই গৰু৷
a cow that gives milk.
- খু-দুৱনিkhu-du.wo.niAbstract Noun
কোনো অস্বাভাৱিক মুহূৰ্ত্তত হোৱা মনৰ অস্থিৰতা
a feeling of agitation expressed in continual motion.
- খুঁইয়াkhum̐iẏāNoun
মাহ, সৰিয়হ আদিৰ পেলাই দিয়া শুকান ঠাৰি
the dry refuse stalks of pulses, etc.
- খুঁটাkhum̐ṭāNoun
ঘৰ আদি ধৰি ৰাখিবৰ কাৰণে বা আন কামৰ নিমিত্তে খিয়কৈ পোতা কাঠ, বাঁহ, লো বা ইটাৰ দণ্ড বা স্তম্ভ
a post; a pillar
- খুঁটাত-বন্ধাkhum̐ṭāta-bandhāNoun
চ'ৰা, নামঘৰ আদিৰ লাই-খুঁটাত বন্ধা কাপোৰ; খুঁটাত মেৰোবা বস্ত্ৰ
a piece of cloth wrapped round that post which is meant for the most respectable member of an assembly or community
- খুঁটিkhum̐ṭiNoun
গোঁজ; সৰু আৰু চুটি খুঁটা
a short stake; a peg
- খুঁটি ঢৰাkhum̐ṭi, ḍharāNoun
চটাই-ঢৰা।
- খুঁটি-গছাkhum̐ṭi-gachāNoun
মাটিত খুঁটি পোতাদি পুতি থ'ব পৰা সৰু গছা
a lamp-stand
- খুঁটি-নাটিkhum̐ṭi-nāṭiNoun
কোনো বিষয়ৰ সৰু ভাগ; সৰু-সূৰা কথা
details; nicety
- খুঁটিতালNoun
এবিধ কাঁহৰ বেঁটু বা খুবলি নথকা সৰু তাল
a kind of small cymbal
- খুঁটিয়া-খুঁটিkhum̐ṭiẏā-khum̐ṭiNoun
পৰস্পৰ বা ইটোবে-সিটোবে আঘাত কৰা কাৰ্য্য
the act of pecking at one another
- খুঁট্খুঁটীয়াkhum̐ṭkhum̐ṭīẏāNoun
সৰু বস্ত্তৰ আঘাতৰ শব্দ; ক্ৰি. বিণ. খুঁট্খুঁট্ কৰে, খুঁট্খুঁট্কৈ অলপ অলপকৈ কিন্ত্ত ঘনাই (কৰা কাজিয়া)।
- খুঁতkhum̐taNoun
ছিদ্ৰ; ঘুণ; দোষ; অসম্পূৰ্ণতা; বিফলতা
defect; flaw; fault
- খুইজনাCommon Noun
A person who requests for money, food, shelter, drugs, alcohol, or other necessities as donations, i.e. free of cost, from people they encounter .