কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অত্যুগ্ৰatyugraAdjective
অতি তীব্ৰ
malignant
- অত্যুচ্চo.tyus.soProper Adj.
বহু বেছি ওখ ৷
Of very high vertical dimension of extension.
- অত্যুত্তমo.tyut.tomProper Adj.
সোণৰ দৰে বহুমূলীয়া, উত্তম।
something valuable, special or wonderful.
- অত্যুৎকৃষ্টo.tyut.kris.toProper Adj.
অত্যন্ত ভাল গুণাগুণ বা মান বিশিষ্ট।
Extremely good in quality or characteristics.
- অত্যুৎসাহীo.tyut.xa.hiProper Adj.
গভীৰ অনুভূতিৰে পৰিপূৰ্ণ
Dominated, displaying or caused by strong emotions
- অতৰচেলাইo.tor.se.laiProper Adj.
বেমাৰৰ কাৰণে বা খাদ্যৰ অভাৱত অস্বাভাৱিকভাৱে ক্ষীণ হোৱা ৷
Abnormally thin or weak, especially because of illness or a lack of food.
- অতৰ্-চেলাইatar-celāiAdjective
ছাল-বাকলি মাথোন থকা; নিচলা; বৰ খীণ; হাড়-ছাল অবস্হা পোবা
emaciated; very thin
- অতৰ্কatarkaAdjective
তৰ্কিব নোবৰা; বুদ্ধিৰ অগম্য; বুজিব নোবৰা; বিণ. অতৰ্কিত নভবা নিচিন্তা; নেদেখা-নুবুজা; গম-নোপোবা; হঠাতে হোবা; বিণ. অতৰ্ক্য তৰ্কিব নোবৰা; বুদ্ধিৰ অগম্য; . যেনে-'এতৰ্ক্য মহিমা'।
inscrutable; incomprehensible ; unseen; unexpected; unperceived ; incomprehensible
- অতৰ্কিতo.tor.ki.toProper Adj.
তৰ্কিব নোৱাৰা অৰ্থাৎ হঠাৎ হোৱা |
Not anticipated or perceived.
- অতৰ্ক্যo.tor.kyoProper Adj.
যিহক বুজিবলৈ টান, তেনে ।
Difficult to be known or understand.
- অতৱপ্তatawaptaAdjective
তৱপ্তি নোপোবা; তৱপ্ত বা সন্ত্তষ্ট নোহোবা; হেঁপাহ নপলোবা; বি. অতৱপ্তি।
ungratified
- অথাউনিathāuniAdjective
বৰ দ, বুৰ মাৰি তলি নোপোবা
unfathomable, beyond one's depth
- অথানিathāniAdjective
বৰ দ, বুৰ মাৰি তলি নোপোবা
unfathomable, beyond one's depth
- অথালি-পথালিathāli-pathāliAdjective
দীঘে-পুতলে কেউপিনে যোবা
running lengthwise and crosswise or confusedly
- অথালি-পথালিকৈo.tha.li-po.tha.li.koiVerbal Adj.
কোনো শৃংখলা নোহোৱাকৈ।
in a disorderly manner.
- অথিৰathiraAdjective
থিৰ হৈ নথকা; চঞ্চল; লৰচৰ কৰি থকা; কঁপি থকা; ; অনিশ্চিত; অস্হায়ী
restless; unsteady ; transitory; uncertain
- অথিৰমনাo.thir.mo.naProper Adj.
অথিৰ স্বভাৱ থকা
characterized by caprice rather than reason; impulsive and unpredictable.
- অথৰatharaAdjective
বেছি বয়সৰ কাৰণে হাত-মূৰ কঁপা; অস্হিৰ
unsteady owing to lod age
- অথৰ্বatharbaNoun
চাবি যেদৰ শেষ বেদ [ই ন ভাগে বিভক্ত; ইয়াৰ বহু শাখাৰ ভিতৰত এতিয়া শৌনক শাখাটো মাথোন পোবা যায়; ইয়াৰ ব্ৰাহ্মণ ভাগ 'গো-পথ ব্ৰাহ্মণ'। অথৰ্ব ঋষি বা অথৰ্ব আৰু অঙ্গিৰা ঋষিৰ বংশধৰ বা ভূগুবংশীয় মুনিসকলক ইয়াৰ সঙ্কলনকাৰী বুলি ধৰা হয়]।
- অথৰ্ব্বatharbbaNoun
চাবি যেদৰ শেষ বেদ [ই ন ভাগে বিভক্ত; ইয়াৰ বহু শাখাৰ ভিতৰত এতিয়া শৌনক শাখাটো মাথোন পোবা যায়; ইয়াৰ ব্ৰাহ্মণ ভাগ 'গো-পথ ব্ৰাহ্মণ'। অথৰ্ব ঋষি বা অথৰ্ব আৰু অঙ্গিৰা ঋষিৰ বংশধৰ বা ভূগুবংশীয় মুনিসকলক ইয়াৰ সঙ্কলনকাৰী বুলি ধৰা হয়]।