কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জনেপতিjo.ne.po.tiAdverb
দুই বা ততোধিক লোকৰ প্ৰত্যেক জনলৈ বা প্ৰত্যেক জনৰ পৰা
To or from every one of two or more (considered individually).
- জন্janTransitive verb
জন্ম; উৎপন্ন কৰ্; যেনে-"গহীন গম্ভীৰ নীৰ ভয়ক জনয়" (মা. ক., সুন্দৰাকাণ্ড)
to produce; to give birth to
- জন্টাjon.taVerb-Trans.
সকলোবোৰ অংশ ল’গ-লগাই সম্পূৰ্ণ কৰ্৷
To make into a whole by bringing all parts together.
- জন্তাjantāIntransitive verb
গোটা খুবা; একেলগ কৰ্ বা হ; মেৰাই বা বেঢ়ি ধৰ্; যেনে-"তাইৰ দুই ভৰিঃ চপাবে জণ্টিয়াঃ চিবুকত ধৰি হাতে" (কীৰ্ত্তন); "মহেন্দ্ৰ-শিখৰেঃ জণ্টিয়া বসিলঃ লঙ্কাৰ দিশক চায়া" (মা. ক., সুন্দৰাকাণ্ড)।
- জন্ম দেjon.mo deVerb-Intran.
To raise or produce offsprings or young ones
- জন্ম পাjon.mo paVerb-Intran.
জীৱন পা, পৃথিৱীলৈ আহ্ বা পৃথিৱীত অস্তিত্ব ধাৰণ কৰ্
to come forth; to come to live
- জন্ম লjon.mo. loVerb-Intran.
জীৱন পা, পৃথিৱীলৈ আহ্ বা পৃথিৱীত অস্তিত্ব ধাৰণ কৰ্
to come forth; to come to live
- জন্ম হjon.mo hoVerb-Intran.
জীৱন পা, পৃথিৱীলৈ আহ্ বা পৃথিৱীত অস্তিত্ব ধাৰণ কৰ্
to come forth; to come to live
- জন্ম-নিয়ন্ত্ৰণVerbal Noun
গৰ্ভধাৰণত বাধা প্ৰদান কৰা পদ্ধতি
any method of preventing conception
- জন্মগ্ৰহণ কৰ্jon.mo.gro.hon korVerb-Intran.
জন্ম হৈ অস্তিত্ব গ্ৰহণ কৰ্
to exist as a result of birth
- জন্মাjanmāTransitive verb
জন্ম দি; উৎপন্ন কৰ্; . কৱদ
to give birth to; to produce
- জন্মে জন্মেjanme, janmeAdverb
প্ৰতি জন্মত
at every birth
- জপjapaNoun
মনে মনে দেবতাৰ নাম লোবা বা স্মৰণ কৰা কাৰ্য্য; মনতে দেবতাক কৰা উপাসনা; মালা-গুটি বা আঙুলিত লেখি লেখি দেবতাৰ নাম লোবা কাৰ্য্য
uttering prayers inaudibly; uttering the names of gods inaudibly on a rosary or on the joints of fingers
- জপ কৰ্jop korVerb-Trans.
একান্ত মনে বাৰে বাৰে ভগৱানৰ নাম ল৷
to repeatedly chant the name of God.
- জপটিয়াjapaṭiẏāTransitive verb
একে লগ কৰ্; একেলগে মেৰা; একে লগ কৰি বান্ধ্
to entwine; to implicate in a crime
- জপটিয়াইjo.po.ti.yaiAdverb
যিহকে পাই তিহকে গোটাই লৈ
picking up or taking anything indiscriminately
- জপাjapāNoun
কাপোৰ সামৰি থোবা বাঁহৰ কাঠীৰে সজা এবিধ ঢাকন থকা সঁজুলি
a kind of covered bamboo basket for keeping clothes
- জপিওৱা-জপিjo.pi.o`wa-jo.piVerbal Noun
ভৰি আৰু ভৰিৰ পতাৰ মাংসপেশীৰ সহায়ত মাটি বা আন কোনো ভূমিৰ পৰা বলেৰে ওপৰলৈ উঠা কাৰ্য্য
the act of forcing oneself off / across the ground or any base by a muscular effort of the legs and feet.
- জপিয়াVerb-Trans.
দুটা হাতেৰে কোনো ৰচি লৈ তাৰ ওপৰেৰে জপিয়াই থকা কাৰ্য্য৷
to jump lightly over a rope that is held in both your hands, or by two other people, and swung repeatedly under your legs and over your head as exercise or a game.
- জপোৱাjo.po`.waVerbal Adj.
বন্ধ, মুদ খোৱা বা জপোৱা (চকু)
not open (as an eye)