কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টন্টননিṭanṭananiNoun
শিৰীৰৰ কোনো অংশত অতিৰিক্ত তেজ বা পূঁজ গোট খালে হোবা বেদনা
pain felt in any part of the body due to undue accumulation of blood or a tight bandage
- টপংṭapamNoun
কোনো গোটা টান বস্ত্ত পানীত পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that produced by the fall of a solid thing into water
- টপ্টপṭapṭapaNoun
পানী আদিৰ ডাঙৰ টোপা ওপৰৰ-পৰা বেগেৰে আন বস্ত্তৰ ওপৰত পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that caused by the fall from a height of heavy drops on a hard surface
- টপ্টপনিṭapṭapaniNoun
টপটপোবা বা টপটপ কৰা কাৰ্য্য; অক. ধা. টপ্ টপা, টপ্ টপ্ কৰ্ সৰহকৈ ঘনাই কথা ক; বক্বকা; বলক্; লেব্লেবা; কেপ্কেপা
to prattle; to babble
- টপৰ্ṭaparNoun
পানী আদিৰ ডাঙৰ টোপা ওপৰৰ-পৰা বেগেৰে আন বস্ত্তৰ ওপৰত পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that caused by the fall from a height of heavy drops on a hard surface
- টফিMaterial Noun
কুঁহিয়াৰ ৰসৰ লালি উতলাই তৈয়াৰ কৰা বিভিন্ন আকাৰৰ মিঠাই।
a type of soft sweet, candy made of brown sugar boiled until it is very thick and given different shapes and colours
- টভংṭabhamNoun
কোনো গোটা টান বস্ত্ত পানীত পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that produced by the fall of a solid thing into water
- টমকṭamakaNoun
এবিধ বাদ্য; যেনে-"বাজে বাদ্য বিবিধ টমক টমকিল" (কীৰ্ত্তন)
a musical instrument
- টলং-ভটংṭalam-bhaṭamNoun
অস্হিৰ গুণ বা অবস্হা; ইকাতি-সিকাতি বা থৰক- বৰক কৰা কাৰ্ষ্য; টুলুং-ভুটুং
reeling; rocking (as of a boat)
- টলকṭalakaNoun
চেগ; মুহূৰ্ত; নিমিষ; খন্তেক; যেনে-"কোন টলকতনো সি আহি মাৰ মাৰিলে ক'বকে নোবাৰিলোঁ
opportunity; a moment; twinkling of an eye; a very short time
- টলকাṭalakāNoun
নিটাল; নিজম হোবা কাৰ্য্য
the act of remaining silent
- টলবলtol.bolVerbal Noun
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি মৰা কাৰ্য্য
Involuntarily shaking with quick, short movements, as from fear, excitement, weakness, or cold
- টলিয়াṭaliẏāNoun
গামোচা কাপোৰ।
- টল্বলṭalbalaNoun
কঁপৰি; লৰ-চৰ; লৰ-ফৰ
unsteadiness; trembling
- টহ্টহনিṭahṭahaniNoun
টহ্টহোবা কাৰ্য্য।
- টাঁই-টুঁইṭām̐i-ṭum̐iNoun
দেখুবাই অস্ত্ৰ জোকৰা কাৰ্য্য
the act of brandishing a weapon in a threatening manner
- টাঁটীta~.tiMaterial Noun
see through picket fence with lightly distributed vertical bamboo sticks and horizontally intertwined bamboo strips
- টাঁট্ টাঁট্ṭām̐ṭ, ṭām̐ṭNoun
মাইকী পাতি হাঁহৰ ডাঙৰকৈ মতা মাত
an imitative word used to express loud quackking of a duck
- টাঁৰṭām̐raNoun
মাটি জোখা ডাঁৰ
a bamboo rod or pole for measuring land
- টাঁৰীṭām̐rīNoun
মাটি জোখোঁতে টাঁৰ মৰা মানুহ
the man who measures land by the bamboo pole