কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওজাইভo`.jaibhAbstract Noun
শ্ৰেণী পৰিবন্ধবোৰৰ উচ্চমানক x-স্থানাংক আৰু সেইবোৰৰ সাপেক্ষে পোৱা সঞ্চয়ী বাৰংবাৰতাক y-স্থানাংক হিছাপে লৈ মুক্তহস্তে অঁকা বক্ৰ লেখ
a graph the ordinates of which represent cumulative frequencies of the values indicated by the corresponding abscissas
- ওজাপালিo`ja.pa.liProper Noun
অসমৰ এটা নৃত্যানুষ্ঠান৷ ইয়াত এজন ওজা বা মূল গায়ক (পদ লগাই দিওঁতা) আৰু তিনি চাৰিজন পালি (দোহাৰত গাওঁতা) মিলি এটা গোটহৈ বিয়াহৰ গীত পৰিবেশন কৰে৷ ওজাজনে হাতৰ অঙ্গী-ভঙ্গী আৰু নৃত্যৰে বিভিন্ন কাহিনী-গীত গায় আৰু লগৰীয়া পালি সকলে খুটি-তাল বজাই-বজাই তাক দোহাৰে ৷ ওজাপালিৰ তিনি প্ৰকাৰৰ শৈলী প্ৰচলিত - সত্ৰীয়া ওজাপালি, বিয়াহৰ ওজাপালি আৰু শুকন্নানি ওজাপালি ৷
Oja-Pali is an ancient performing art form of Assam, performed by a group of chorus singers and dancers. It is performed only by men and combines narrative singing with dancing and dramatic interludes. Usually performed by a group of 4 or 5 men of whom the chief performer is the ‘Oja’, who is accompanied by 3 to 4 ‘Palis’; hence the name Oja-Pali. The only instrument used is a small cymbal.
- ওজালিojāliNoun
মন্ত্ৰেৰে ৰোগ-ব্যাধি জৰা বেজৰ ব্যবসায়
profession of an Ojā or sorcerer
- ওজ্বল্যo`.jwo.lyoAbstract Noun
শক্তিৰ এটা ৰূপ, যি বস্তু দৃশ্যমান কৰে
a form of energy that renders visibility
- ওজৰojaraNoun
কোনো কথা বা কাৰ্য্যৰ বিৰোধে কোবা কথা; আপত্তি
objection; excuse
- ওটাoṭāNoun
ঘৰৰ ভিতৰৰপৰা বেৰৰ তলেদি চুবা পানী আদি ওলাই যাব পৰাকৈ কৰি লোবা বিন্ধা
a drain or hole for conducting water put of a house
- ওটোমোবাইলMaterial Noun
যন্ত্ৰচালিত স্থল পথত চলাব পৰা বাহন।
A road vehicle powered by an engine.
- ওঠালবাতি-জালoṭhālabāti-jālaNoun
এবিধ বড় ডাঙৰ মাছ ধৰা জাল
a kind of large fishing net
- ওঠাল্বতিহালoṭhālbatihālaNoun
এবিধ বড় ডাঙৰ মাছ ধৰা জাল
a kind of large fishing net
- ওঠৰoṭharaNoun
দহৰ অধিক আঠ
eighteen
- ওডালo`.dalCommon Noun
চত মাহত ৰঙা ফুল ফুলা ওখ ডাঙৰ গছ৷ বহাগৰ আগে আগে অসমৰ হাবিয়নিত গোবৰ মিহলি এটা গোন্ধ প্ৰায়ে পোৱা যায়, গম পাব যে ওদালগছৰ ফুলবোৰ ফুলিছে৷ ওডালৰ পৰা ওডালগুৰি৷ ওডালবাক্ৰা।
Indian almond is a large tropical tree in the Leadwood tree family. It is considered native to tropical Asia and northern Australia, but is today also common in tropical parts of the Americas. The tree has been widely spread by humans due to its desirable properties, and the exact origin of the species is therefore uncertain.
- ওড্ৰoḍraNoun
উৰিষ্যাৰ প্ৰাচীন নাম
the old name of Orissa
- ওতotaNoun
এলাহ; আলস্য
laziness
- ওথাৰothāraNoun
এবিধ ডাঙৰ জাল
a kind of large drag-net
- ওদনodanaNoun
সিদ্ধ চাউল; ভাত; "অহি জগমোহন; কান্ধে দধি ওদন, গোধন আগু বুলাই" (বৰগীত)।
- ওদাইদাৰodāidāraNoun
ওপৰৰ বা প্ৰধান কৰ্ম্মচাৰী; গৰাকী
a master; a superior
- ওদালodālaNoun
ঘূৰণীয়া ধপলা-ধপল পাতেৰে এবিধ বৰ ওখ-ডাঙৰ আওকাঠী গছ [ইয়াৰ ছাল বৰ লিকটা আৰু তাৰে জৰী আদি তৈয়াৰ হয়]
a kind of forest tree; cordia myxa; sterculia villosa
- ওদালগুৰিo`.dal.gu.riProper Noun
অসমৰ এখন জিলাৰ নাম৷ জিলাখনৰ সদৰ স্থানো ওদালগুৰি৷
A district of Assam. The district head quater is also Odalguri
- ওনাonāNoun
বানিবলৈ এবাৰ খুবলিত দিবৰ জোখাৰ ধান আদি; এবাৰ ভজা খোলাত দিবৰ জোখাৰ চাউল আদি
as much grain as is put into the mortar or fried at one time
- ওনামo`.namAbstract Noun
কেৰেলাৰ আটাইতকৈ ডাঙৰ আৰু ৰাজ্যিক উৎসৱ৷ আগষ্ট-চেপ্তেম্বৰ মাহত এই খেতিৰ লগত জৰিত উৎসৱ কেইবাদিনো ধৰি পালন কৰা হয়৷
The most auspicious festival of Keralites and it is celebrated in the Malayalam month of Chingam(Aug-Sep). This harvest festival is also kerala`s state festivel.