কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নবীকৰণীয়no.bi.ko.ro.ni.yaVerbal Adj.
পুনৰ ব্যৱহাৰ যোগ্য
usable for more than once, eg. renewable energy
- নবীনnabīnaAdjective
নতুন; পুৰণি নোহোবা
new; fresh
- নব্যnabyaAdjective
নতুন; আধুনিক
new; modern
- নব্য-ধ্ৰুপদীno.byo-dhru.po.diAdjective Adj.
of art, architecture, music, painting etc. based in the style of ancient Greece or Rome or such arts that use the original classical style.
- নভগাno.bho.gaProper Adj.
ভাগি নোযোৱা, অৰ্থাৎ গোটা হৈ থকা
not broken or damaged
- নভবা-নিচিন্তাno.bho.ba-ni.sin.taVerbal Adj.
ঘটিব বা হ’ব বুলি চিন্তা নকৰা বা নভবা
not framed in a thought or thoughts
- নভাবীnabhābīAdjective
ভবিষ্যতলৈ নোহোবা; অসম্ভব; যেনে-"নভুত নভাবী হেন যুদ্ধ ভয়ঙ্কৰ" (কুমৰহৰণ)।
- নমগাno.mo.gaVerbal Adj.
যিটো খোজা বা বিছৰা হোৱা নাই
which is not being sought
- নমনিয়াnamaniẏāAdjective
চকুৰে মনিব নোবৰা; যেনে-"নমনিয়া কুল যমুনা বিপুল" (গুণমালা)
not or hardly perceptible to the eye
- নমনীয়namanīẏaAdjective
ইচ্ছামতে গঢ় দিব পৰা
pliable
- নমস্যnamasyaAdjective
ভক্তি বা নমস্কাৰৰ যোগ্য; পূজ্য
venerable; worthy of being saluted or respected
- নমিতnamitaAdjective
দোঁওবা; যাক দোঁওবা হৈছে।
- নম্বৰীAdjective
কোনো বিশেষ নম্বৰ বা চিন থকা
marked
- নম্যno.myoProper Adj.
উগ্ৰ নোহোৱা, অৰ্থাত্ অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ
very humble and gentle, without much aggression.
- নম্ৰnamraAdjective
নত; দোঁ খাই পকা
bent down
- নল-দঁতাnol-do~.taVerbal Adj.
সৰু দাঁত থকা বা পোৱালি দঁতাল হাতী।
a male elephant with small or slender tusks.
- নলগাno.lo.gaProper Adj.
প্ৰয়োজন নোহোৱা বা কামত নলগা
without or no longer in need or requirement of
- নলীnalīNoun
ধোঁবাখোবাৰ ধোঁবা টান নলাৰ চুঙা বা তেনে আন দীঘল ফোঁপোলা বস্ত্ত
a tube attached to the hookā for drawing in smoke; a pipe
- নলীয়াnalīẏāAdjective
নাল থকা
having a handle
- নলেগলে লগাno.le.go.le lo.gaProper Adj.
অংগ+অংগ। অংগই অংগই লাগি থকা সম্পৰ্ক। অতি ওচৰ সম্পৰ্ক থকা।
A strong or immediate relation or association