কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থুপি থুপিAdjective
বহু থোপা বান্ধি থকা
existing in several groups
- থুপিচনীয়াthupicanīẏāAdjective
পিটিকি থোপা কৰিব পৰা; বৰ টানো নহয় আৰু বৰ কোমলো নহয়; নিৰহ অথচ কোমল; যেনে-"থুপিচনীয়া ৰোকা"
soft and pliable
- থুপৰীthu.po.riCommon Noun
বিয়া নোহোৱাকৈ ঘৰত থকা বয়সীয়া ছোৱালী
a woman still unmarried beyond the usual age of marrying
- থুবুৰthuburaAdjective
বৱদ্ধ-বয়সীয়া; বাৰ্দ্ধক্যৰ কাৰণে বৰকৈ লৰা-চৰা কৰিব নোবৰা; যেনে-"চেড়ী বেটী বোলে বেটা বনিয়া লবড়, লক্ষ্মীশ্বৰ পুত্ৰ হৈয়া আছস থুধুৰ" (দুৰ্গাবৰ)।
- থুবুৰাthuburāAdjective
বৱদ্ধ-বয়সীয়া; বাৰ্দ্ধক্যৰ কাৰণে বৰকৈ লৰা-চৰা কৰিব নোবৰা; যেনে-"চেড়ী বেটী বোলে বেটা বনিয়া লবড়, লক্ষ্মীশ্বৰ পুত্ৰ হৈয়া আছস থুধুৰ" (দুৰ্গাবৰ)।
- থুলন্তৰthu.lon.torProper Adj.
গাত মাংস থকা, অৰ্থাত্ সবল মাংসপেশীৰে পৰিপূৰ্ণ।
having a lots of flesh.
- থুহথুহীয়াthuhathuhīẏāAdjective
অলপতে ভগা; অলপকৈ মোহাৰিলেই বা হেঁচিলেই ভগা বা ছিগা
brittle
- থুৰ্থূৰীয়াthurthūrīẏāAdjective
আথৰ; বৰ বুঢ়া; দুৰ্ব্বলতাৰ কাৰণে হাত-ভৰি কঁপা
decrepit; having the limbs shaking owing to infirmity or old age
- থূপুৰীthūpurīAdjective
একে ঠাইতে দ'ম খাই থকা; থোপা বন্ধা
collected together; heaped
- থূলন্তৰthūlantaraAdjective
ডাঙৰ বা পুষ্ট গা-থকা; মঙহাল; হৱষ্ট-পুষ্ট
corpulent; stout
- থেতেলাTransitive verb
আনৰ দ্বাৰা খুন্দাই চেপেটা বা আধা ভগা কৰা
to cause to be crushed or bruised
- থেতেলা-খোবাAdjective
থেকেচা-খোবা; যাৰে-তাৰে চৰ-লাথি খোবা; অনেকবাৰ অপমানিত হোবা
assaulted and insulted everywhere; put to shame
- থেপথেপীয়াthepathepīẏāAdjective
লেপথেপীয়া; কোমল আৰু ঘন; যোকাৰ নিচিনা; লেপলেপীয়া
to the consistency of mud; paste-like
- থেপা-থেপAdjective
অনেক থেপা থকা; বহুত থেপা কৰা বা হোবা
divided into many lumps or heaps
- থেপাখোৱাthe.pa.kho`.waVerbal Adj.
বহুতো বস্তু একেলগে, কম ব্যৱধানত থকা অৱস্থা
a lot of things crowded together
- থেপাথেপিthe.pa.the.piProper Adj.
কম ঠাইত লগালগিকৈ বহু বস্ত/মানুহ আদি থকা অৱস্থা৷
a placed filled with too many items.
- থেপাপৰাthe.pa.po.raVerbal Adj.
বহুতো বস্তু একেলগে, কম ব্যৱধানত থকা অৱস্থা
a lot of things crowded together
- থেপেৰাProper Adj.
চাপৰ কিন্তু শকত লোক
someone short and stout .
- থেল্থেলীয়াthelthelīẏāAdjective
বোকাৰ নিচিনা; থেপথেপীয়া
of a soft and thick consistency like the mud
- থৈয়া-নথৈয়াthaiẏā-nathaiẏāAdjective
তুমুল; গাত তত নথকা
desperate; furious (said of quarrel)