কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একবস্ত্ৰাekabastrāAdjective
মাত্ৰ এখন কাপোৰ পিন্ধি থকা
wearing only one piece of cloth
- একবিন্দুগামীeko.bin.du.ga.miProper Adj.
সমবিন্দু মুখী বা একে বিন্দুত গৈ মিলিত হোৱা
Coming together or towards the same point
- একবৰ্ণীek.bor.niProper Adj.
মাত্ৰ এটা কম্পনাংকৰ দোলন বা বিকিৰণ সম্বন্ধীয়
Of or composed of radiation of only one wavelength; having or appearing to have only one color.
- একবৰ্ষীProper Adj.
(উদ্ভিদ) যি এবছৰৰ ভিতৰতে বিকশিত হৈ মৰি যায়
(a plant) that grows and dies within one year
- একভাষিকek.bha.xikProper Adj.
কেৱল এটা ভাষা জনা আৰু ব্যৱহাৰ কৰা (লোক); অন্য ভাষাৰ বিষয়েও কিছু আভাষ থাকিব পাৰে যদিও এটা ভাষাহে সক্ৰিয় ভাবে জনা আৰু ব্যৱহাৰ কৰিব পৰা (লোক)৷
(a person) who knows and uses only one language or, sometimes (a person) who has an active knowledge of only one language though perhaps a passive knowledge of others.
- একভাষীek.bha.xiProper Adj.
কেৱল এটা ভাষা জনা আৰু ব্যৱহাৰ কৰা (লোক); অন্য ভাষাৰ বিষয়েও কিছু আভাষ থাকিব পাৰে যদিও এটা ভাষাহে সক্ৰিয় ভাবে জনা আৰু ব্যৱহাৰ কৰিব পৰা (লোক)৷
(a person) who knows and uses only one language or, sometimes (a person) who has an active knowledge of only one language though perhaps a passive knowledge of others.
- একমনাekamanāAdjective
একে কথা বা বিষয়তে মন পোতা বা লগোবা; একচিত্ত
having the mind mixed on one object
- একমাত্ৰekamātraAdjective
এজন বা এটা মাথোন; যাৰ দ্বিতীয় নাই; কেবল মাথোন
one only; having no second; sole
- একমূলekamūlaAdjective
নানা ঠাইৰপৰা পোবা জ্ঞানক এটা কৰা; যেনে-"শাস্ত্ৰ পঢ়ি কৰিতে নপাৰে একমূল। একমূল নকৰিলে দেখে নানা পথ" (মিশ্ৰ- গীতা)
reduced to one principle; unified
- একলekalaAdjective
অকল; এজন মাথোন; অকলশৰ; যেনে-"তই হেন একল ক্ষত্ৰিয় অৰ্জ্জুনক যুঁজিয়া কৰিবি কিক" (বিৰাটপৰ্ব্ব)।
- একলচৰekalacaraAdjective
অকলিশৰ।
- একলশ্বৰekalaśbaraAdjective
অকলিশৰ।
- একলাekalāAdjective
অকল
alone; having no companion
- একলাকতীয়াAdjective
এফলীয়া বা আঁতৰ হৈ থকা; অকলে থাকিবলৈ বা কাম-বন কৰিবলৈ ভাল পোবা
reserved; shy; unsocial
- একশৰণekaśaraṇaNoun
কেবল এজন দেবতা বা ঈশ্বৰত শৰণ পোবা; যেনে -"দেবৰো দেবতা হৰি; জানিও যতন কৰিঃ লৈয়ো একশৰণ কৱষ্ণত" (দশম)
the acceptance of only one deity for worship
- একস্বৰিকProper Adj.
একে ধ্বনি বিশিষ্ট
having the same sound
- একা-বেঁকাe.ka-be.kaProper Adj.
ইংৰাজী W বা M আখৰটোৰ আকৃতিৰ, চিধা নোহোৱা কোনো ৰেখা, বাট বা আৰ্হি| পাহাৰীয়া পথৰ দৰে
A line, road or pattern which makes alternate repeated sharp turns, loooks like a series of the English letter W or M as it bends to the left and then to the right again
- একাঁঠুekām̐ṭhuAdjective
আঁঠুলৈকে পোত খোবাকৈ জাবৰ পেলোবা; আঁঠু তল যোবাকৈ জাবৰ-জোখৰেৰে ঢকা
covered with rubbish up to the knee
- একাংকিকাe.kang.ki.kaProper Adj.
এটা মাত্ৰ অংক থকা চুটি নাটক৷
a short play consisting of one act.
- একাকাৰekākāraAdjective
সকলো একে ৰকম দেখা বা হোবা; বিভিন্নতা নথকা; একেকঠী
having the same form