কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হামলিমhāmalimaNoun
লুকঢুক; চুৰি-চাপাচি।
- হামাকha.ma.koPronoun
বহুবচনত প্ৰথম পুৰুষক বা নিজক
refers to to/towards oneselves
- হামাহিhāmāhiNoun
এলাহ; কৰিম কৰিম বুলি পাছলৈ পেলাই থোবা অভ্যাস
laziness
- হামাৰিha.ma.riPronoun
বহুবচনত প্ৰথম পুৰুষৰ বা নিজৰ বুজোৱা শব্দ
refers to sth belonging to oneselves; "of us"
- হামিhāmiNoun
ভাগৰ পলাবলৈ বা টোপনি অহাৰ সময়ত স্বাভাবিকতে মুখ মেল খাই হোবা দীঘলীয়া নিশ্বাস
a yawn
- হামীৰhāmīraNoun
এবিধ জামীৰৰ সদৱশ টেঙা ফল
a kind of acid fruit
- হামোhāmoPronoun
মই; আমি
I; we
- হামোকাhāmokāAdjective
হলি থকা; এঢলীয়া; এফালে কাতি হৈ যোবা
leaning
- হামোৰণিhāmoraṇiNoun
পানীৰ সোঁত তলত পাক লৈ বালি আদি সামৰি ওপৰলৈ উঠা
a whirling or eddying of a current
- হাম্পিham.piProper Noun
কৰ্নাটকৰ এখন গাঁও৷ ইয়াত পৌৰানিক বিজয় নগৰ সাম্ৰাজৰ ধংসাৱশেষ আছে৷ বিশ্ব ঐতিয্য স্থান হিচাপে ঘোষিত৷
A village in northern Karnataka, India. It is located within the ruins of the city of Vijayanagara, the former capital of the Vijayanagara Empire.
- হাম্মাham.maAbstract Noun
গৰুৱে চিঞঁৰিলে কৰা শব্দ ৷
The sound made by a cow or bull.
- হামৰাওhāmarāoNoun
পূৰ্ব্বৰ কথা "হায়, আৰু ক'ত পাম" বুলি মনত পেলোবা কাৰ্য্য; শোক বা আদৰেৰে কৰা স্মৰণ
fond remembrance for somebody loved and respected
- হামৰেনham.renProper Noun
কাৰ্বি আংলং জিলাৰ উল্লেখযোগ্য স্থান৷ ই এখন মহকুমা আৰু মহকুমাৰ সদৰ ঠাই৷
An important place of Karbi Anglong district of Assam. Also subdivisional head quater of Hamren subdivision
- হালhāla
দশা; যেনে-"ৰজাৰ হালে চলা"।
- হালখতিhal.kho.tiVerbal Noun
কোনো নিৰ্দ্দিষ্ট তিথি বা উৎসৱ-পাৰ্বণ উপলক্ষে হাল বোৱাৰ পৰা বিৰত থকা
skipping ploughing on an auspicious day or due to some festivals
- হালধিhāladhiNoun
মাটিৰেপৰা ধপলা-ধপল পাত মেলা আৰু আদাৰ নিচিনা ঠেঙুলি মেলি মাটিৰ তলত বঢ়া, হালধীয়া বৰণৰ আঞ্জাৰ লগত মছলা- স্বৰূপে ব্যবহাৰ হোবা এবিধ মূল; [ইয়াৰ দুবিধ-বন-হালধি বা গৰু-গা-ধুওবা হালধি। ই হাবিত এনেই হয়; ; ইজাতি খেতিত হয়।]
the wild turmeric or yellow zedoaria; curcuma aromatica ; turmeric; curcuma longa
- হালধীয়া জবাha.lo.dhi.ya jo.baCommon Noun
হালধীয়া ৰঙৰ জবা প্ৰজাতিৰ ফুল। হাৱাই দ্বীপৰ জাতীয় ফুল।
This is a weedy form of Hibiscus from Australia. It can be found in India and Sri Lanka. It is sometimes used as an ornamental plant.
- হালধীয়া নৈha.lo.dhi.ya noiProper Noun
চীন দেশৰ তৃতীয় দীঘল নদী আৰু পৃথিৱীৰ ষষ্ঠ দীঘল নদী৷
The Yellow River or Huang He is the third-longest river in Asia, following theYangtze River and Yenisei River, and the sixth-longest in the world at the estimated length of 5,464 km (3,395 mi). Originating in the Bayan Har Mountains in Qinghai province of western China, it flows through nine provinces, and it empties into the Bohai Sea near the city of Dongying inShandong province
- হালপতাhālapatāNoun
দুচটা পাট বা তক্তা যোৰাই বা মোহনদাস একে লগ কৰি ধৰি ৰখা লো আদি ধাতুৰ সৰু পাট বা চিৰি
a clamp; a hinge
- হালবোৱাhal.bo.waVerbal Noun
খেতি কৰিবলৈ হাল বাই মাটি যুগুত কৰা কাৰ্য্য ৷
The tilling of the soil for cultivation.