কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মেট্মেটাIntransitive verb
মেটেৰ্ মেটেৰ্ শব্দ কৰ্।
- মেঠনিয়াmeṭhaniẏāIntransitive verb
লাহে লাহে গতি কৰ্; অলপ অলপকৈ কাম কৰ্
to move slowly; to be slow in work
- মেনাIntransitive verb
তললৈ শিং মেল্; যেনে-"লুইত ফেনায়, ম'হ মেনায়"
to have drooping horns
- মেনেক-মেনেকmeneka-menekaAdverb
লাহে লাহে; খৰ-খেদা নকৰাকৈ
slowly; sluggishly
- মেল মাৰ্mel marVerb-Trans.
কোনো গুৰুত্ব নোহোৱাকৈ/নিদিয়াকৈ কথা পতা
to talk, discuss or converse on different topics of mutual interest in an informal gathering of people.
- মেলাNoun
মেলা কাৰ্য্য
the act of untying, opening or extending
- মেল্melTransitive verb
সোলোকা; মুকলি কৰ্; বান্ধ গুচা
to loose; to unite
- মেৰাmerāTransitive verb
মেৰ্ বা পাক খুবা
to wrap round; to coil; to wind
- মেৰাই ধৰ্me.rai dhorVerb-Trans.
কেইবাটাও বস্তু, বিশেষকৈ সূতাৰ দৰে লাহী, দীঘলীয়া, একেলগে বান্ধ খা।
to be entangled, esp. said of things like a long thread.
- মেৰামতি কৰ্me.ra.mo.ti korVerb-Trans.
কোনো বস্তু পঁচা বা ভগাৰ পাছত পুণৰ ভাল অৱস্থালৈ ঘূৰাই অনা
to bring back to a good condition after decay or damage
- মেৰিয়াmeriẏāTransitive verb
মেৰ্ বা পাক খুবা
to wrap round; to coil; to wind
- মেৰু-বিভাজনme.ru-bi.bha.jonVerbal Noun
কোনো জনসমষ্টি বা দলক দুই পৰস্পৰ-বিৰোধী শিবিৰত ভাগ কৰা প্ৰক্ৰিয়া
a sharp division, as of a population or group, into opposing factions
- মেৰ্মেৰাmermerāIntransitive verb
মেৰ্মেৰ্ শব্দ কৰ্; "মেট্মেট্" আৰু "মেট্মেটা" চোবাঁ।
- মৈ-দিয়াVerbal Noun
খেতিপথাৰত মাটিৰ লদা ভাঙি সমান কৰা প্ৰক্ৰিয়া
a process of soil compaction that serves to break up clods and level a field
- মৈথুন কৰ্moi.thun korVerb-Trans.
যৌগ সংযোগ কৰা কাৰ্য
to have sexual intercourse
- মৈয়াmaiẏāTransitive verb
মৈ দি হাল বোবা মাটি সমান কৰ্
to harrow
- মোmoTransitive verb
কোমল বা ৰসাল কৰিবৰ কাৰণে পানী বা জুলীয়া বস্ত্ত দি মোহাৰি সান্ (শুকান গুড়ি বস্ত্তত); যেনে-"সৰিয়হ গুড়ি আগেয়ে পানীৰে মোই লৈ পেৰিব লাগে"
to soften or make juicy by mixing with water or liquid substance, as dry powder
- মোকট্mokaṭIntransitive verb
মোকোটা খা; ভাঁজ ল; বেঁকা হ
to be folded; to bend; to curve
- মোকলmokalaAdjective
নৰন্ধা; মুকলি হৈ থকা
free; not tied
- মোকলাTransitive verb
মুকলি কৰ্; বন্ধন গুচা; খালাচ কৰ্
to set free; to release