কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চোঙাcoṅāIntransitive verb
চিন দি; আকৱতি যেন কৰ্
to make a mere outline on the ground (as of a road or embankment)
- চোঙোৱাso`.ngo`.waVerbal Noun
হাবি-বন কাটি ৰাস্তা মুকলি কৰি মাটিত চিন দিয়া কাৰ্য্য।
the act of marking or delineating on the ground.
- চোপ লso’p loVerb-Trans.
কূ অভিপ্ৰায়েৰে বা বেয়া উদ্দেশ্যৰে জোপ লোৱা, গোপনে অহা-যোৱা কৰা
to hide, lurk or move around secretly with a bad intention
- চোপ্copTransitive verb
চোহ্, ওঁঠ চেপি ধৰি জুলীয়া বা আন কোমল বস্ত্ত পি বা শোহা মাৰি খা
to suck
- চোবাcobāTransitive verb
দাঁতেৰে কামুৰি কামুৰি ভাঙ্; দাঁতেৰে পিহি গুৰি কৰ্
to chew
- চোবা-চিঁতাcobā-cim̐tāIntransitive verb
মঙ্গলতিৰ ওচৰত দশা গণা বা নৰিয়া আদিৰ তাল-বেয়া শোধ্
to consult a diviner or a soothsayer
- চোভা কৰso’.bha korVerb-Trans.
কোনোবা এজনে কোনো দোষ কৰা বুলি সন্দেহ কৰ ।
To (unconfirmed) believe about someone's involvement in something heinous
- চোহাTransitive verb
আনৰ হতুবাই ওঁঠেৰে চেপি ৰস খুবা
to cause to suck
- চোহ্cohTransitive verb
ওঁঠেৰে চেপি ৰস খা; চুপি খা; চৰহ
to suck
- চোৰাংকৈso`.rang.koiAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- চোৰোক্corokTransitive verb
কোৰেৰে চাঁচ্; কোৰেৰে ওপৰে ওপৰে বন-পাত কাটি আৰু তাক ৰুকি পেলাই পৰিষ্কাৰ কৰ্ (ঠাই); . কৱদ
to clear or scrape with a hoe
- চোৱনso`.wonVerbal Noun
কোনোবা/কিহবাৰ গাত মৃদুভাৱে হাত বা আন অঙ্গ লগোৱা কাৰ্য্য
the act of creating gentle contact with sth/sb
- চোৱা-চুইso’.wa-suiVerbal Noun
পৰস্পৰে দৃষ্টি কৰা কাৰ্য ৷
the act of seeing or looking at each other.
- চৌচৌ কৰেAdverb; Noun
চৌচৌবনি চৌচৌ শব্দ কৰা কাৰ্য্য; অক. ধা. চৌচৌবা চৌ চৌ শব্দ কৰি পৰ্; বেগাই বেছি পৰিমাণে পৰ্ (জুলীয়া বস্ত্ত)
to flow rapidly as water from a tube
- চৌঠেঙীয়া কৰ্sou.the.ngi.ya korVerb-Trans.
কাৰোবাক (বিপদৰ সময়ত) অকলৈ এৰি অসহায় অৱস্থাত পেলা
to leave someone who needs or counts on you; leave in the lurch
- চৌদিশেsou.di.xeAdverb
সকলো দিশে।
all sides or all over.
- চৌপাশেAdverb
চাৰিওফালে
on all sides
- চড়াcaṛāTransitive verb
ওপৰত পিন্ধ্ বা ল; যেনে-"হাতে ধনুকাণ্ড গাবে সন্নাহ চড়াইল" (দশম)
to put on; to don
- চড়্sorVerb-Intran.
কিহবাৰ ওপৰত বা ওপৰলৈ উঠি যা
To go up or onto the top of something
- চয়-নিশ্চয়soy-nis.soyVerbal Noun
কোনো বিষয় সমাধা কৰা কাৰ্য্য।
the act of disposing, to get rid of something.