কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কুবিয়াkubiẏāTransitive verb
ধাৰ থকা অস্ত্ৰেৰে আঘাত কৰ্; ঘৈয়া
to strike with a cutting instrument
- কুম্ভীলক বৃত্তিkum.bhi.lok brit.tiVerbal Noun
আন কাৰোবাৰ লেখা, বা সৃষ্টি কৰা, সুৰ দিয়া আদি কিবা নিজৰ বুলি কৈ নিজৰ নামত চুৰকৈ প্ৰকাশ কৰা৷ ই এটা বিদ্যায়তনিক অপৰাধ৷
an act of plagiarizing i.e. copying another person's ideas,writing or composition and publish it in your name without acknowledging it.
- কুম্ভীলক বৃত্তি অৱলম্বন কৰkum.bhi.lok brit.ti o.bo.lom.bon korVerb-Trans.
আন কাৰোবাৰ লেখা, বা সৃষ্টি কৰা, সুৰ দিয়া আদি কিবা নিজৰ বুলি কৈ নিজৰ নামত চুৰকৈ প্ৰকাশ কৰা৷
to copy (writing, composition, thought etc.)from somebody else and then publish it in one's own name pretending it to be his/her own.
- কুলকুলি কৰ্kul.kuli korVerb-Intran.
মুখত পানী লৈ বটলৰ পৰা পানী ঢলাৰ দৰে শব্দ কৰ্
Make a bubbling sound as if water from a bottle
- কুলকুলিয়াkul.kuliyaVerb-Trans.
মুখৰ ভিতৰখন পানীৰে পখালা কাৰ্য্য ৷
to cleanse (mouth) without rubbing with water.
- কুলাkulāIntransitive verb
যথেষ্ট হ
to suffice
- কুল্-কুলি কৰ্kul-ku.li korVerb-Intran.
মুখৰ ভিতৰত লৈ পানী বৰকৈ জোকাৰি বা সঞ্চালন কৰি মুখ পৰিষ্কাৰ কৰ্
to wash or rinse the throat or mouth with a liquid held in the throat and kept in motion by a stream of air from the lungs
- কুল্-কুলিয়াkul-lu.li.yaVerb-Intran.
মুখৰ ভিতৰত লৈ পানী বৰকৈ জোকাৰি বা সঞ্চালন কৰি মুখ পৰিষ্কাৰ কৰ্
to wash or rinse the throat or mouth with a liquid held in the throat and kept in motion by a stream of air from the lungs
- কুল্কুলাIntransitive verb
কুল্ কুল্ শব্দ কৰ্
to produce a sound like the above
- কুল্কুলিয়াkulkuliẏāIntransitive verb
মুখৰ ভিতৰত পানী বৰকৈ জোকাৰি বা সঞ্চালন কৰি মুখ পৰিষ্কাৰ কৰ্
to gargle
- কুশলেku.xo.leAdverb
আপদ নোহোৱাকৈ, মঙ্গলে থকাকৈ ।
without misfortune, without being harmed, damaged or lost.
- কুসুমিতku.xu.mi.toVerbal Adj.
ফুলি থকা বা ফুল মেলা
in bloom or flowering
- কুস্তিkus.tiVerbal Noun
খালী হাতেৰে এজনে আন এজনক প্ৰহাৰ আৰু বগৰাই কৰা যুদ্ধ ৷
The sport/act of hand-to-hand struggle between unarmed contestants who try to throw each other down.
- কুহুলিয়াkuhuliẏāIntransitive verb
ৰৈ ৰৈ কথা ক, এষাৰ এষাৰ কৰি ক (ব্যঙ্গাৰ্থক); অস্পষ্ট কৰি কথা ক
to speak slowly; to speak vaguely
- কুহৰ্kuharIntransitive verb
(কুলিৰ নিচনা) কুহু কুহু শব্দ কৰ্।
- কুৰাল্kurālTransitive verb
ফণি বা হাতেৰে নিমজ কৰ্
comb (with nails or fingers)
- কুৰুং-কাৰাংku.rung-ka.rangVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- কুৰুকি কুৰুকিkuruki, kurukiAdverb
"কোৰোক্" চোবাঁ
by pressing and pushing
- কুৰুচ্kurucIntransitive verb
কাঁচি হ; পাতলকৈ দৈ মাৰি অলপ টেঙা গুণ ধৰ্
to curdle slightly, as milk
- কুৰুলি দেku.ru.li deVerb-Intran.
ফেঁচাই কৰাৰ দৰে উৰুলি দিয়াৰ নিচিনা শব্দ কৰ্৷
to make a loud, high, and unpleasant cry like an owl.