কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আবনুৱাa.bo.nu.waVerbal Adj.
কাম-নথকা বা নকৰা অৰ্থাত্ কোনো কামত লাগি নথকা
having or doing no work, i.e. without work
- আবন্তনa.bon.tonAbstract Noun
বিলোৱা কাৰ্য্য; কোনো এক এলেকাৰ ভিতৰত বা একক সময়ত (এটা গোট বা দলৰ সদস্য সকলৰ) অৱস্থান, বিন্যাস বা অৱস্থিতিৰ মাত্ৰা
the act of distributing; the position, arrangement, or frequency of occurrence (as of the members of a group) over an area or throughout a space or unit of time
- আবন্তন কৰ্a.bon.ton korVerb-Trans.
মানুহৰ এটা মাজত গোট বা দলৰ মাজত খাদ্য অথবা সাজ-পোছাক ভাগ কৰি দিয়া
to distribute sth like food, clothe among a group of people
- আবন্তিতVerbal Adj.
যিটো বিতৰণ বা আবন্তন কৰা হৈছে
what has been divided and given out
- আবাদীa.ba.diVerbal Adj.
খেতি কৰা (মাটি)
(land) used for cultivation
- আবাল-বৱদ্ধābāla-bawaddhaAdverb
ল'ৰাৰপৰা বুঢ়ালৈকে; ল'ৰা-বুঢ়া সকলো
from the young to the old; all
- আবিষ্কাৰ কৰ্a.bis.kar korVerb-Trans.
কোনো আহিলা, পদ্ধতি আদি নিজৰ সৃজনশিলতাৰে প্ৰথমবাৰৰ বাবে তৈয়াৰ কৰা৷
to originate or create as a product of one's own ingenuity, experimentation, or contrivance.
- আবিৰ্ভাৱ হa.bir.bhab hoVerbal Noun
ক’ৰবাৰ পৰা আহি পোৱা কাৰ্য্য
be present from somewhere
- আবৃতa.bri.toVerbal Adj.
ঢাকি ৰখা, বেৰি ধৰা ।
Having a layer or amount of something over it.
- আবৃত কৰ্a.bri.to korVerb-Trans.
কিবা বস্তুৰে কিহবাক আবৰি পেলা
to cover or surround sth with some material
- আবৃতকৰণVerbal Noun
ফলৰ থোপাৰ ওপৰত ৰাসায়নিক আৱৰণ দি বা পাতেৰে ঢাকি দি পতঙ্গ আৰু আন জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা প্ৰক্ৰিয়া
the process of placing a cover over the bunch of fruits to protect them against damage caused by insects and other animals, by rubbing against the leaves or by the application of chemical products
- আবৃতি কৰ্a.bri.ti korVerb-Trans.
মুখস্থ কৰা বা আগতীয়াকৈ প্ৰস্তুত কৰা কোনো পাঠ বা কবিতা পুণৰ শব্দ কৰি পঢ় বা আঁওৰা
to repeat or read aloud something memorized or prepared
- আবেদন কৰ্a.be.don korVerb-Trans.
আনুষ্ঠানিকভাৱে বা নিয়মানুসৰি কিবা অনুৰোধ কৰ্
to request something officially or according to the rules
- আবৰ্ābarTransitive verb
ঢাক্, বেৰ্
to cover; to surround
- আবৰ্ধন কৰa.bor.dhon korVerb-Trans.
বাস্তৱতকৈ অধিক সুন্দৰ বা উন্নত বুলি কথাৰে দাঙি ধৰ্
to make (something) seem larger or greater etc. than what really is
- আভাষিতVerbal Adj.
কোনো অতিথি লগ পোৱাৰ লাগে লাগে আদৰৰ মাত বা বিনম্ৰতাৰে মাত দিয়া
Shown warmth by expression of kind wishes upon meeting guests or given a polite word of recognition of welcome when meeting someone
- আভাস দেa.bhax deVerb-Trans.
To display a sign or make things known
- আভাসেābhāseAdverb
নিচিনাকৈ; ৰূপেৰে; যেনে-"সুভদ্ৰা জননী আজি পূৰ্ববৰ আভেসে। আসিবন্ত পুত্ৰ-দৰশন-অভিলাষে।" (দ্ৰোণপৰ্ব্ব)।
- আভুৱা-ভাঁৰ্a.bhu.wa-bha~rVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- আভোকীয়াa.bho`.ki.yaVerbal Adj.
ভোক নলগা বা খোৱাৰ হেঁপাহ নথকা
lacking appetite or having no desire to eat