কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাপচাৰাkhap.sa.raAbstract Noun
মতৰ মিল নথকা৷
A conflict or difference of opinion.
- খাপাkhāpāNoun
অনিষ্ট কৰিবলৈ হোবা আন্তৰিক ইচ্ছা
a secret with to injure
- খাপিkhāpiNoun
খান্দি; জৰীৰে গঁঠা মণিৰ ভাগ; যেনে-"মণিধাৰ কেইবাখাপি কৰি গুঁঠিছে"
a division in a string of beads
- খাপৰিkhāpariNoun
ঘৰ ছাবৰ নিমিত্তে চটাচট্কৈ গঢ়ি ভটাত পোৰা মাটি
a tile
- খাবkhābaNoun
কোনো বস্ত্ত কোবাই দূৰলৈ পেলোবা কাৰ্য্য
the act of throwing a thing at a distance by striking with a rod, etc.
- খাবনkhābanaNoun
খোবাৰ কাৰ্য্য; খোবাৰ ধৰণ; -"তাৰ খাবনখন দেখি মোৰ হাঁহি উঠিল"
act or mode of eating
- খাবনিkhābaniNoun
জবকা
a rack; a scraper
- খাবলাkhābalāNoun
দ-ঠাই; খোল
a hollow; a cavity
- খাবা-খাইkhābā-khāiNoun
খোবা-কামোৰা; এটাই আনটোক কামোৰ মৰা বা হিংসা কৰা কাৰ্য্য; কামোৰা-কামুৰি
mutual biting or envying
- খাবৈkhābaiNoun
দীঘল, বহল আৰু দ খাল
a ditch
- খাবৈয়াNoun
খাওঁতা
one who eats; one whi is to be supported; a voracious eater
- খাবৰীয়াkhābarīẏāNoun
সৰহকৈ খাব পৰা লোক
a glutton
- খাভনিkhābhaniNoun
জবকা
a rack; a scraper
- খামkhāmaNoun
আবৰণ বা ঢাকনি (চিঠিৰ); লেফাফা
envelope
- খামখেয়ালিkham.khe.ya.liAbstract Noun
টানত পৰি বিতত বা বিবুদ্ধি অৱস্থা।
Impaired orientation with respect to time, place, or person; a disturbed mental state
- খামটিkhāmaṭiNoun
অৰুণাচলৰ এক জনজাতি
a tribe of Arunachal
- খামতিkhāmatiNoun
অৰুণাচলৰ এক জনজাতি
a tribe of Arunachal
- খামলিমলাkhāmalimalāNoun
ঘোঁৰা নিমৰ পাতৰ নিচিনা পাতেৰে এবিধ ওখ ডাঙৰ আওকাঠী গছ
a kind of jungle tree
- খামাৰkhāmāraNoun
পাম; ঘৰৰপৰা দূৰৈত খেতিৰ কাৰণে ৰখা সৰহীয়া মাটি।
- খামিkhāmiNoun
কলিজা; সাহ; বুকু
the heart; courage; mind