কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইহলীলাi.ho.li.laAbstract Noun
পৃথিৱীত বাস কৰা কালত কৰা কাৰ্য্য ৷
one's activities upon the earth.
- ইহলীলা সম্বৰণi.ho.li.la xom.bo.ronAbstract Noun
প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা
the state of not having life
- ইহলোকihalokaNoun
এই জগত
this world
- ইহসংসাৰi.ho.xong.xarAbstract Noun
পৃথিৱীত বাস কৰা কালত কৰা কাৰ্য্য ৷
one's activities upon the earth.
- ইহাঙ্কihāṅkaPronoun
এওঁলোকক; যেনে-"আশ্বাসিবি ইহাঙ্ক সুমিত্ৰা আৰু আই" (মা. ক. অযোধ্যাকাণ্ড)।
- ইহাত-সিহাতihāta-sihātaNoun
এহাতে আহি বা গৈ আনহাতে যোবা বা দিয়া; বেছি বেলি নথকা বা নৰখা; বেগাই খৰচ হোবা বা কৰা
mere change of hands; transitory nature
- ইহানihānaPronoun
এওঁৰ।
- ইহুদিihudiNoun
হিব্ৰু জাতিৰ বা জু- জাতিৰ মানুহ
a Jew; a Hebrew
- ইহুদীi.hu.diCommon Noun
Person of Hebrew descent or whose religion is Judaism
- ইহুদী ধৰ্মi.hu.di dhor.moAbstract Noun
হিব্ৰুসকলে মানি চলা এটা পৌৰাণিক ধৰ্ম।
a religion developed among the ancient Hebrews and characterized by belief in one transcendent God who has revealed himself to Abraham, Moses, and the Hebrew prophets and by a religious life in accordance with Scriptures and rabbinic.
- ইড়াiṛāNoun
ৰাজ-হাড়ৰ বাঁওফালে থকা নাড়ী। যেনে-"নাডীৰ মধ্যত তিনি নাড়ী অনুপাম। সুষুম্না পিঙ্গলা ইড়া নাড়ী নাম" (অনাদি- পাতন)
one of the main channels of the vital spirit said to be on the left side of the backbone
- ইড়িকাi.ri.kaMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- ইয়ংচাকi.yong.sakProper Noun
মণিপুৰ আৰু ব্ৰহ্মদেশত পোৱা এবিধ দীঘল উৰহী৷
A plant of the genus Parkia in the family Fabaceae. It bears long, flat edible beans with bright green seeds the size and shape of plump almonds which have a rather peculiar smell.
- ইয়ত্তাiẏattāNoun
পৰিমাণ, সংখ্যা; নিৰ্দ্দেশ
definiteness; limit
- ইয়াং চি কিয়াংi.yang si ki.yangProper Noun
চীনৰ অঞ্চলৰ আটাইতকৈ দীঘল নদী৷ ই পৃথিবীৰ বৰ দীঘল নদীবোৰৰ এখন৷
Yangtze is a long river , the longest river, and the most abounding in Eurasia, the third river in the world’s affluent and length. It passes through China and it has a length of about 6300 km and a basin area of 1808.5 km ²
- ইয়াংকিi.yang.kiCommon Noun
আমেৰিকান লোক, প্ৰায়ে ইংৰাজ মূলৰ আমেৰিকান৷
1. A native or inhabitant of New England, especially one of English descent.2. A native or inhabitant of a northern US state, especially a Union soldier during the Civil War.3. A native or inhabitant of the United States.
- ইয়াংগুনiyang.gunProper Noun
ম্যানমাৰৰ ৰাজধানী আছিল৷ দেশখনৰ আটাইতকৈ ডাঙৰ চহৰ আৰু ব্যৱসায়িক কেন্দ্ৰ৷৷ পুৰণা নাম ৰেংগুন৷
Yangon (also known as Rangoon, literally: "End of Strife") is a former capital of Burma(Myanmar) and the capital of Yangon Region. Although the military governmenthas officially relocated the capital to Naypyidaw since March 2006, Yangon, with a population of over five million, continues to be the country's largest city and the most important commercial centre.
- ইয়াকi.yakPronoun
মানুহ অথবা আন কোনো বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ হয়; সাধাৰণতে নিকটবৰ্তী জন/টোক বুজোৱা হয় ৷
Denotes a person or thing; use to indicate the person/object which is nearer.
- ইয়াঙ্গুনiyang.gunProper Noun
ম্যানমাৰৰ ৰাজধানী আছিল৷ দেশখনৰ আটাইতকৈ ডাঙৰ চহৰ আৰু ব্যৱসায়িক কেন্দ্ৰ৷৷ পুৰণা নাম ৰেংগুন৷
Yangon (also known as Rangoon, literally: "End of Strife") is a former capital of Burma(Myanmar) and the capital of Yangon Region. Although the military governmenthas officially relocated the capital to Naypyidaw since March 2006, Yangon, with a population of over five million, continues to be the country's largest city and the most important commercial centre.
- ইয়াণ্ডাবুi.yan.da.buProper Noun
ইৰাৱতী নদীৰ পাৰত থকা এখন সৰু কমাৰ গাঁও| ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ (১৮২৬চনৰ ২৪ ফেব্ৰুৱাৰী)বাবে ই ইতিহাস প্ৰসিদ্ধ৷
Yandabo is a village on the Ayeyarwady River in central Burma. The Treaty of Yandabo which ended the First Anglo-Burmese War, was signed here on 24 February 1826