কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিৰসেউজীsi.ro.xeu.jiProper Adj.
গোটেই বছৰ সেউজীয়া হৈ থকা উদ্ভিদ
trees having green leaves throughout the year
- চিৰসেউজীয়াsi.ro.xeu.jiyaProper Adj.
গোটেই বছৰ সেউজীয়া হৈ থকা উদ্ভিদ
trees having green leaves throughout the year
- চিৰস্থায়ীsi.ros.tha.yiProper Adj.
সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা
Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc
- চিৰস্মৰণীয়cirasmaraṇīẏaAdjective
সদায় মনত ৰাখিবৰ যোগ্য
fit to be always remembered
- চিৰস্হায়ীcirashāẏīAdjective
সদায় থকা
everlasting
- চিৰহৰিৎsi.ro.ho.ritProper Adj.
গোটেই বছৰ সেউজীয়া হৈ থকা উদ্ভিদ
trees having green leaves throughout the year
- চিৰাচিৰcirāciraAdjective
ছিৰাছিৰ; যেনে-"হাজাৰেক শিৰঃ ভৈল চিৰা-চিৰঃ কৱষ্ণৰ ভৰিৰ গিড়ি" (দশম)।
- চিৰাচৰিতcirācaritaAdjective
চিৰকাল চলি অহা।
- চিৰায়তsi.ra.yotProper Adj.
পৌৰাণিক সাহিত্য-কলা-সংস্কৃতি সম্বন্ধীয় অথবা তদনুৰূপ ।
1. Restrained in style, 2. Serious or conventional (of music), 3. Something ancient
- চিৰায়মানsi.ra.yo.manProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- চিৰায়ুcirāẏuAdjective
অমৰ; দীৰ্ঘজীবী
immortal; living for a long time
- চিৰ্চিৰীয়াAdjective
অগভীৰ বা বাম আৰু লাহে লাহে বৈ থকা (পানী)
shallow and flowing gently as water
- চিৰৰুগীয়াcirarugīẏāAdjective
কুৰীয়া; সদায় নৰিয়াত পৰি থকা
of sickly constitution; valetudinarian
- চিৰৰোগীcirarogīAdjective
সদায় ৰুগীয়া।
- চীনাsi.naProper Adj.
চীনদেশৰ মানুহ, খাদ্য, গান, সংস্কৃতি আদি৷
Chinese people or anything which originated in china
- চুকনীয়াcukanīẏāAdjective
খাজনা বা গুটি-আধি দিবৰ নিয়ম কৰি অলপ কাললৈ লোবা; খন্দুবা
sublet for a term
- চুকিয়া-চুকিcukiẏā-cukiAdjective
এচুকৰপৰা তাৰ বিপৰীত চুকলৈ যোবা
diagonal
- চুকীয়াcukīẏāAdjective
চুক থকা
having angles or corners
- চুক্চুকীয়াcukcukīẏāAdjective
অলপ চোকা; অলপ টেঙা বা লোণৰ সোবাদ থকা
saltish; slightly acid
- চুক্তিবদ্ধVerbal Adj.
(দুই পক্ষৰ মাজত) স্বাক্ষৰিত চুক্তিপত্ৰৰ জৰিয়তে দায়বদ্ধ
bound by an agreement signed (between two parties)