কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উৎপাৰ্utpārTransitive verb
নষ্ট কৰ্; ধ্বংস কৰ্; উবাৰ্; উচ্ছন্ন কৰ্; যেনে-"জহনীয়ে দেশ উৎপাৰিলে"
to devastate; to make havoc
- উৎফুলেut.fu.leAdverb
সুখী অৱস্থাৰে কোনো কাম কৰা।
do sth with happiness.
- উৎসাহ যোগাut.xah jo’.gaVerb-Trans.
মানসিক শক্তি যোগা বা ভাল কৰিবলৈ বিশ্বাস বঢ়াই তোল্
Provide mental support or boost confidence to do better
- উৎসুকেAdverb
(পু. অ.) যেনে-"কহোঁ কৱষ্ণ-কথা শুনা পৰম উৎসুকে" (কীৰ্ত্তন)।
- উৎসৃষ্টut.sris.toVerbal Adj.
পুনৰ ঘূৰি নহাৰ মানসেৰে এৰি যোৱা
left without intending to return or unattended
- উড়াuṛāTransitive verb
উড়াই নি; আকাশেদি লৈ যা
to fly; to cause to fly
- উড়্uṛIntransitive verb
পাখিত ভৰ দি বা পাখি কোবাই আকাশেদি যা; বায়ুত চলন কৰ্
to fly; to soar
- উৰন্তu.ron.toVerbal Noun
উৰি থকা অৱস্থা
The state when someone/something is floating or moving in the air.
- উৰহurahaIntransitive verb
পগাওঁতে বা সিজাওঁতে অধিক তাপ পাই ধুপি বেয়া গোন্ধা
to become foul smelling by being boiled or cooked
- উৰহাurahāTransitive verb
তপতাই জোল কৰ্
to melt by heating
- উৰহ্u.rohVerb-Intran.
কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত হ, সাধাৰণতে তাপৰ প্ৰভাৱত
to reduce to liquid from solid state usually by heating
- উৰাurāTransitive verb
উড়াই নি; আকাশেদি লৈ যা
to fly; to cause to fly
- উৰাই-ঘুৰাইurāi-ghurāiAdverb
বৰকৈ আৰু ঘনে ঘনে; উলটি-পালটি (মাৰ্, গালি পাৰ্, কান্দ্)
forcibly and repeatedly
- উৰাই-ঘূৰাইu.rai-ghu.raiAdverb
এবাৰৰ পাছত এবাৰকৈ বহুবাৰ।
characterized by repeated occurances.
- উৰাই-ঘূৰাই কোবাu.rai ghu.rai ko’.baVerb-Trans.
কাৰোবাক বাৰে বাৰে জোৰেৰে,দুখ পোৱাকৈ কিল, ভুকু, বা ঢকা মৰা বা এনেদৰে আক্ৰমণ কৰা
to attack, beat with repeated blows.
- উৰি থকাu.ri tho.kaVerbal Noun
উৰি থকা অৱস্থা
The state when someone/something is floating or moving in the air.
- উৰুখu.rukhVerb-Intran.
ঘৰৰ চালৰ পৰা জলঙ্গাৰে পানী পৰ্ ৷
Enter or escape as through a hole or crack or fissure. It's particularly used in case of leakage of raindrop through holes in the roof.
- উৰুখ উৰুষurukha, uruṣaIntransitive verb
পানী পৰ্
to leak, as the roof of a house
- উৰুবাurubāTransitive verb
উৰা
to cause to fly; to blow away
- উৰুৱাu.ru.waVerb-Trans.
বতাহত বা মুকলিলৈ এৰি দে
to cause to fly freely in the open air