কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছেকা কাঁহchekā, kām̐haNoun
কাঁহৰ পাত্ৰ অস্ত্ৰেৰে পৰিষ্কাৰ কৰাৰ পাছত ওলোবা কাঁহৰ গুৰি আউটি কৰা কাঁহ [সাধাৰণ কাঁহতকৈ ই বেছি বিশুদ্ধ আৰু ইয়াৰে তৈয়াৰী পাত্ৰও বেছি ভাল।]।
- ছেকাৰ চাতাchekāra, cātāNoun
খাৰণি-সঁতা।
- ছেকুলিনাNoun
ছেকুলিনা, কোষিনা
ছেকুলিনা, কোষিনা
- ছেকেণ্ডchekeṇḍaNoun
¹⁄₆₀ মিনিট।
second
- ছেখchekhaNoun
মুছলমানৰ ভিতৰত এটা প্ৰধান ফৈদ
a class of Mussalmans
- ছেগchegaNoun
কোনো কাৰ্য্যৰ মাজত খন্তেকীয়া আজৰি সময়
an interval
- ছেটেলাইট ডি.এন.এNoun
অনুষংগী, ছেটেলাইট ডি.এন.এ
অনুষংগী, ছেটেলাইট ডি.এন.এ
- ছেতাৰchetāraNoun
এবিধ গুণা লগাই বজোবা দীঘল নাল আৰু এমূৰে লাওখোলা লগোবা বাদ্য-যন্ত্ৰ
a kind of stringed musical instrument
- ছেত্ৰীse.triAbstract Noun
A surname of the Nepali community
- ছেদchedaNoun
সীমা; অন্ত; শেষ
the end or limit of a thing
- ছেদ-ভেদcheda-bhedaNoun
অন্ত; সীমা; খন্তেকীয়া বিৰাম; যেনে-"তাৰ কথা কোবাৰ ছেদ-ভেদ নাই"
stoppage; temporary cessation
- ছেদকNoun
যি ছেদ কৰে; কাটোঁতা
one who cuts
- ছেদক দাঁতse.dok da~tMaterial Noun
কামুৰিবলৈ আৰু মাংস ফালিবলৈ ব্যৱহাৰ কৰা জন্তুৰ দীঘল, জোঙা দাঁত। মানুহৰো কুকুৰ দাঁত থাকে।
A long, pointed tooth of animals/men used for biting and tearing flesh.
- ছেদনNoun
কটা কাৰ্য; কাটন
the act of cutting
- ছেনাchenāNoun
সোণ, ৰূপ, লো আদি কটা সৰু বটালিৰ নিচিনি এবিধ অস্ত্ৰ
a chisel used for cutting metals; a cold- set
- ছেফ্ৰ’লNoun
ছেফ্ৰ’ল
ছেফ্ৰ’ল
- ছেবchebaNoun
ছেও; খণ্ড; অংশ
a piece; a part; a division
- ছেবণ্টীয়াchebaṇṭīẏāNoun
শিশু; অনাথ শিশু
orphan
- ছেবাইchebāiNoun; Indeclinable
ব্যতীত; বাহিৰে; যেনে -"তেওঁত চেবাই কোনেও এই কাম কৰিবলৈ সাহ নকৰে"
except
- ছেমাহিchemāhiNoun
তিনি মাহৰ অন্তত কৰা হিছাপ; তিনিমহীয়া হিছাপ
a quarterly account