কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তৰহে তৰহেAdverb
বিধে বিধে; অনেক প্ৰকাৰে
one kind after another
- তৰাtarāNoun
নক্ষত্ৰ
a star
- তৰা-নৰা ছিঙিto.ra-no.ra si.ngiAdverb
পাচলৈ নেচাই অতি বেগাই (দৌৰ মাৰি)
(running) with full speed
- তৰা-নৰা ছিঙ্গিto.ra-no.ra si.ngiAdverb
পাচলৈ নেচাই অতি বেগাই (দৌৰ মাৰি)
(running) with full speed
- তৰাতাৰিto.ra.ta.riAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- তৰাতৰিtarātariAdverb
বেগাই
quickly
- তৰাস্tarāsIntransitive verb
ভয় পা
- তৰি দেto.ri deVerb-Trans.
আঠুৱা,পাল, চন্দ্ৰতাপ আদি সাজু কৰি দে৷ উলম্বভাৱে প্ৰতিষ্ঠা কৰ্
to raise and set in an upright or vertical position
- তৰ্tarIntransitive verb
উদ্ধাৰ পা; ত্ৰাণ পা; ৰক্ষা পা; সাৰ্
to be saved; to escape
- তৰ্ক কৰ্tor.ko korVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- তৰ্কদোষVerbal Noun
যুক্তিযুক্ততাহীন বা ন্যায্যতাহীন হোৱা অৱস্থা বা গুণ
the state of being contrary to or disregardful of the rules of logic
- তৰ্কাতীতto.ka.titVerbal Adj.
তৰ্কৰ উৰ্দ্ধত, অৰ্থাত্ কোনো প্ৰশ্ন বা বিতৰ্কৰ অৱকাশ নথকা
not open to question or debate
- তৰ্কাতৰ্কি কৰ্tor.ka.tor.ki korVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- তৰ্ক্tarkTransitive verb
চকুৰে মন্
to discern with the eye
- তৰ্জন্-গৰ্জন্tor.jon-gor.jonVerbal Noun
খঙত গুজৰি-গুমৰি ডাবি-ধমকি দিয়া কাৰ্য্য ৷
the act of raving and ranting in fury.
- তৰ্জমা কৰ্Verb-Trans.
অৰ্থৰ সালসলনি নকৰাকৈ কোনো পাঠৰ ভাষা আন এক ভাষালৈ পৰিৱৰ্ত্তন কৰ্
to change the language of a text to another without affecting the meaning
- তৰ্জ্জন-গৰ্জ্জন কৰ্tor.jon-gor.jon korVerb-Intran.
ভৰি-হাত আছাৰি বা ডাবি মাৰি বীৰত্ব দেখুৱা
to show off strength or power by violent strokes
- তৰ্জ্জন্-গৰ্জ্জন্tor.jon-gor.jonVerbal Noun
খঙত গুজৰি-গুমৰি ডাবি-ধমকি দিয়া কাৰ্য্য ৷
the act of raving and ranting in fury.
- তৰ্প্tarpTransitive verb
সন্ত্তষ্ট কৰ্; যেনে-"এহি কৱষ্ণে মাৰিয়াছে ভাতৱ ভগিনীক। আক আজি মাৰিয়া তৰ্পিবো সিটো দুইক।" (দশম)
to gratify; to please
- তৰ্বৰাtor.bo.raVerb-Intran.
কঁপি থকা যেন লগা পাতলীয়া পোহৰ দেখুওৱা৷
to shine with a soft light that seems to quiver.