কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাঙিbhāṅiNoun
নাও কটা আঁকোৰা চাঁচ
a kind of curved adze used in marking dugouts
- ভাঙূৰীbhāṅūrīNoun
ভঙূবা (পুং. স্ত্ৰী.)
a ganja smoker
- ভাঙোনNoun
ভঙা কাৰ্য্য।
- ভাজbhājaNoun
বস্ত্তৰ পৰিমাণ বঢ়াবলৈ মিহলি কৰা বেয়া বস্ত্ত
something of inferior quality mixed with another to increase its quantity; an alloy
- ভাজকbhājakaNoun
(গণিত) যি অঙ্কেৰে ভাগ কৰা হয়
a divider in a mathematical sum
- ভাজনbhājanaNoun
পাত্ৰ; যেনে-"ভাঙ্গিলে গঢ়িব পাৰি সুবৰ্ণ ভাজন" (মা.ক., কিষ্কিন্ধ্যাকাণ্ড)।
- ভাজনীCommon Noun
কাপোৰ চিলাই জীৱন নিৰ্বাহ কৰা মহিলা
a woman whose occupation is sewing
- ভাজিbhājiNoun
ভজা তৰকাৰী।
- ভাজ্যbhājyaNoun
যিটো অঙ্কক ভাগ কৰা হয়
a dividend (mathematics)
- ভাটbhāṭaNoun
কোনো বংশৰ চৰিত্ৰ গাওঁতা; স্ত্ততি-পাঠক
one appointed to sing the praises of a great man
- ভাটাbhāṭāNoun
চন্দ্ৰৰ আকৰ্ষণত সাগৰত পানী নামি বা ভটীয়াই সাগৰৰ ফালে ৰৈ যোবা
the retiring tide; the ebb-tide
- ভাটি খানাMaterial Noun
পাতন পদ্ধতিৰে সুৰা তৈয়াৰ কৰা উদ্যোগ
a place where distilling of alcoholic spirit is carried on
- ভাটিয়ালীbhāṭiẏālīNoun
ৰাগ-বিশেষ।
- ভাটীbhāṭīNoun
নৈৰ নামনি
the lower part of a river
- ভাটী বয়সbha.ti bo.yoxAbstract Noun
অতি বয়স্ক আয়ু বা অৱস্থা।
the state or the period of very mature age.
- ভাটী-যোবাbhāṭī-yobāNoun
গোপাল আতাৰ আজ্ঞাপৰ সত্ত্ৰবিলাক বা সেই সম্প্ৰদায়ভুক্ত সত্ত্ৰ।
- ভাটীবেলাNoun
বেলি পশ্চিমফাল হোবা বেলা; অপৰাহ্ন; আবেলি
the afternoon
- ভাটীয়ালিbha.ti.ya.liProper Noun
ভাৰতীয় সংগীতৰ এটা ৰাগ।
One of the Indian musical mode.
- ভাটৌbhāṭauNoun
শিকালে মানুহৰ মাত শিকা সেউজীয়া বৰণৰ সৰু চৰাই; শুক পক্ষী [ইয়াৰ কেইবাজাতিও। যেনে-গল-মণিকা, গাল- পোৰা, টিঁয়া, চন্দনা, ভোলা, মদনা।]
a parrot
- ভাটৌ-লতাbhāṭau-latāNoun
গছৰ গাত শিয়াই হোবা এবিধ পাত-নাইকিয়া লতা [ইয়াৰ ভাটৌ-ঠোঁটৰ আকৱতিৰ ফুল ধৰে; তাক ভাটৌ-ফুল বোলে।]
a species of orchid