কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বত্ৰিছbatrichaNoun
একুৰি বাৰ
thirty- two
- বত্ৰিছ (বত্ৰিশ)-পুতলাbatricha, (batriśa)-putalāNoun
বিক্ৰমাদিত্য ৰজাৰ সিংহাসনত থকা বত্ৰিছটা পুতলা [ইহঁত আচলতে শাপ-ভ্ৰষ্ট গন্ধৰ্ব্ব; ইহঁতে গাই পতি ভোজ ৰজাৰ আগত একোটা সাধু কথা কৈছিল]; উক্ত নামৰ পুথি।
- বত্ৰিছ (বত্ৰিশ)-লক্ষণbatricha, (batriśa)-lakṣaṇaNoun
গাৰ তিনি ঠাই বহল, পাঁচ ঠাই ৰঙা, সাত ঠাই কোমল, চাৰি ঠাউ চুটি, ছঠাই ওখ আৰু চাৰি ঠাই দীঘলীয়া, শ্ৰীমন্ত পুৰুষত থকা এইকেইটা লক্ষণ
32 good marks on the human body
- বত্ৰিশbatriśaNoun
একুৰি বাৰ
thirty- two
- বত্ৰিশ (ছ) অলঙ্কাৰNoun
সকলো প্ৰকাৰ অলঙ্কাৰৰ সমষ্টি।
- বতৰbataraNoun
বায়ুমণ্ডল বা আকাশৰ অবস্হা
weather
- বতৰ পক্ষীbo.tor po.khyiMaterial Noun
বতাহৰ প্ৰৱাহৰ দিশ দেখুৱাবলৈ উচ্চ স্থানত ৰখা পক্ষীৰ আকাৰৰ বায়ু দিশ নিৰ্দেশক৷
a type of weather vane (= device for showing which way the wind is blowing) in the shape of a chicken.
- বতৰ-বিজ্ঞানীbo.tor-bi.gya.niCommon Noun
বায়ুমণ্ডল আৰু ইয়াৰ সৈতে জড়িত বতৰ আৰু জলবায়ু সংক্ৰান্তীয় পৰিঘটনা সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞানৰ বিশেষজ্ঞ
a scientist or expert on the science dealing with the atmosphere and its phenomena, including weather and climate
- বতৰকালিNoun
কোনো এক শস্য আৰ্জিবৰ বা চপাবৰ উপযুক্ত কাল বা সময়
a time for cultivating or gathering a particular crop
- বতৰবিজ্ঞানbo.tor.big.gyanAbstract Noun
যি বিদ্যাৰ দ্বাৰা বতৰৰ অবস্হা নিৰ্ণয় কৰিব পাৰি ৷
The scientific study of the atmosphere and of atmospheric conditions, especially as they relate to weather and weather forecasting.
- বতৰাbatarāNoun
বাৰ্ত্তা।
- বদ-অভ্যাসbod-o.bhyaxAbstract Noun
অসৎ অথবা বেয়া অভ্যাস
an immoral or evil habit or practice
- বদ-স্বভাৱbod-swo.bhawAbstract Noun
অভ্যাস, ব্যৱহাৰ-পাতি, চাল-চলন আদি বেয়া হোৱা গুণ
the quality of being ill-natured
- বদগন্ধbod.gon.dhoAbstract Noun
খুব উৎকট আৰু বেয়া গন্ধ ৷
A distinctive odour that is offensively unpleasant.
- বদতীbadatīNoun
কোনো এক বিশেষ ৰকমৰ ভালকৈ চিনিব নোবৰা দুষ্ট মানুহ
a man of peculiarly bad or strange character
- বদনbadanaNoun
মুখ
the mouth
- বদনমণ্ডলbo.don.mon.donProper Noun
কপালৰ পৰা থুতৰিলৈকে মূৰৰ আগফাল |
The front part of the head, from the forehead to the chin.
- বদনাMaterial Noun
সন্ন্যাসীয়ে ব্যৱহাৰ কৰা এবিধ কাণত নাল লগোৱা পানী খোৱা কাঠ, পিতল বা মাটিৰ পাত্ৰ
a water-pot made of wood, brass or earth used by an ascetic
- বদভ্যাসbo.do.bhyaxAbstract Noun
অসৎ অথবা বেয়া অভ্যাস
an immoral or evil habit or practice
- বদমাচিbod.ma.siAbstract Noun
lack of honesty; a disposition to lie, cheat, or steal