কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মণ্ডলিmaṇḍaliNoun
ঘূৰি ঘূৰি কৰা গতি; যেনে-"ৰাবণৰ উপৰে মণ্ডলি কৰে কাক" (মা. ক., লঙ্কাকাণ্ড)
circular motion
- মণ্ডলীmaṇḍalīNoun
কোনো ঠাইত সভা-সমিতিৰ কাৰণে গোট খোবা মানুহ
an assembly; a congregation of people
- মণ্ডাmaṇḍāNoun
চেনি আদিৰে তৈয়াৰ কৰা এবিধ মিঠাই
a kind of sweet-meat
- মণ্ডুকmon.dukCommon Noun
নেজহীন, জলজ, অৰ্ধজলজ বা স্থলজ এবিধ উভচৰ প্ৰাণী, যি অনুৰা বৰ্গ আৰু বিশেষকৈ ৰেনিদি পৰিয়ালৰ অন্তৰ্গত। ইহঁতৰ চালখন খহটা আৰু ভিজা, ঠেঙৰ পতা বহল আৰু পাছঠেংকেইটা জপিয়াব পৰাকৈ দীঘল আকাৰৰ।
Any of numerous tailless, aquatic, semiaquatic, or terrestrial amphibians of the order Anura and especially of the family Ranidae, characteristically having a smooth moist skin, webbed feet, and long hind legs adapted for leaping.
- মণ্ডূকmaṇḍūkaNoun
ভেকোলা; বেং
a frog
- মতmataNoun
ইচ্ছা; মনৰ ভাব; অভিপ্ৰায়; মন্তব্য
intention; desire; purpose; opinion
- মত পৰিৱৰ্তনmot po.ri.wor.tonVerbal Noun
আগতে কোৱা কথা, লোৱা পৰিকল্পনা দিয়া মত আদিৰ পৰা সম্পূৰ্ণ বিপৰীত স্থিতি লোৱা৷
a complete change of opinion, plan etc.
- মতগৰ্বmatagarbaNoun
অহঙ্কাৰ; দৰ্প; মইমতালি
pride; self-conceit
- মতগৰ্ব্বmatagarbbaNoun
অহঙ্কাৰ; দৰ্প; মইমতালি
pride; self-conceit
- মতণ্ডাmataṇḍāNoun
লোকৰ অপকাৰ কৰিবলৈ গোপনে কৰা আলচ; কুপৰামৰ্শ
a secret counsel
- মতদাতাmot.da.taProper Noun
ভোট দি কোনো প্ৰাৰ্থী নিৰ্বাচন কৰিব পৰা ক্ষমতা থকা নাগৰিক ৷
A citizen who has legal right to vote and elect a candidate for a post.
- মতদানmot.danVerbal Noun
নিৰ্বাচনত কাৰোবাৰ সপক্ষে মত দিয়া কাৰ্য ৷
The act of a choice that is made by counting the number of people in favor of each alternative in election.
- মতদ্বৈধmo.to.doi.dhoAbstract Noun
কোনো বিষয়ত হোৱা মতৰ অমিল|
prolonged argument or dispute.
- মতপাৰ্থক্যmo.to.par.tho.kyoAbstract Noun
কোনো বিষয়ত হোৱা মতৰ অমিল|
prolonged argument or dispute.
- মতবাদmo.to.badAbstract Noun
এতিয়ালৈকে সত্য প্ৰমাণিত নোহোৱা কোনো প্ৰাকৃতিক পৰিঘটনাৰ বিষয়ে আগবঢ়োৱা ধাৰণা বা ব্যাখ্যা৷
an idea or explanation of a natural phenomena, which has not yet been proved to be correct .
- মতবিৰোধmo.to.bi.ro’dhAbstract Noun
কোনো বিষয়ত হোৱা মতৰ অমিল|
prolonged argument or dispute.
- মতভেদmatabhedaNoun
মতৰ অমিল; মতান্তৰ।
- মতলবmatalabaNoun
উদ্দেশ্য; অভিপ্ৰায়
intention; purpose
- মতাmatā
যখাৰ গন্ধকাদি জোখমতে মিলাই জুই লগাই ৰাতিক দিন যেন পোহৰ কৰা এবিধ বস্ত্ত; যেনে-"প্ৰথমত প্ৰবেশ দিবাৰ বেলা ভৈল। মহতা লগায়া দিন সম কৰি থৈল" (ৰামচৰণ, শঙ্কৰচৰিত)
a kind of fire-work giving brilliant light of various colours
- মতা হাঁহmo.ta ha~hCommon Noun
পূৰ্ণবয়স্ক ঘৰচীয়া বা বনৰীয়া মতা হাঁহ ৷
Adult male of a wild or domestic duck.