কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বঠা-পতীয়াAdjective; Noun
বঠাৰ গঢ়যুক্ত
flat in the middle and narrowing towards the two ends
- বঠিbaṭhiNoun
মৈদাৰ পইৰা বা খুৰা; ৰেন্দাৰ কাঠ
a wooden handle, as of a carpenter's plane
- বঠীbaṭhīNoun
মৈদা; মাছ কটা অস্ত্ৰ
a kind of bow-shaped fish-cutting knife
- বডিচbo.disMaterial Noun
তিৰোতা মানুহে কঁকালৰ ওপৰত পিন্ধা খৰা চোলা।
the top part of a woman's dress, above the waist.
- বডিনেজNoun
বডিনেজ
বডিনেজ
- বণিকbaṇikaNoun
বেপাৰী; বেহা-বেপাৰ কৰা মানুহ
a trader
- বণিগ্বহbo.ni.gowhCommon Noun
Long legged animal found in desert areas that have one hump (Arabian camel) or two humps (Bactrian camel)
- বণিজbaṇijaNoun
বেপাৰ
trade
- বণিজাৰNoun
সাউদ; বেপাৰী
a merchant
- বণিজাৰুbo.ni.ja.ruCommon Noun
লাভৰ বাবে বস্তু বেচা-কিনা কৰা ব্যক্তি; ব্যৱসায় কৰি জীৱিকা অৰ্জন কৰা ব্যক্তি|
a person who buys and sells commodities for profit
- বণিয়াbaṇiẏāNoun
বেহেৰুবা; খুচুৰা বস্ত্ত বেচা বেপাৰী
a petty trader
- বণ্টাbaṇṭāNoun
বাঁটি বা ভগাই দিয়া অংশ; যেনে -"মাগি আনো দধি দুগ্ধ তাৰো বণ্টা খায়" (বৰগীত)।
- বতাbatāNoun
বৰতা; বৰঙা; উলুৰ নিচিনা কিন্ত্ত তাতকৈ ওখ বন; ইকৰা
a kind of coarse grass; thatching grass
- বতা চৰাইNoun
বতানি বা উলুবনিত থকা এবিধ মটীয়া বৰণৰ সৰু চৰাই
a species of quail; perdix alivacea
- বতা-ফোঁপbatā-phom̐paNoun
বতা, খাগৰি গছত থকা মূৰ আৰু নেগুৰৰ ফালে সৰু এবিধ সাপ
a kind of small snake
- বতানিNoun
বতা বনেৰে ঢাক খাই থকা মাটি; পতিত মাটি
waste land covered with grass
- বতাহbatāhaNoun
চলি বা বলি থকা বায়ু
wind
- বতাহ-পানীAbstract Noun
উষ্ণতা, বৰষুণৰ পৰিমাণ আৰু বতাহ আদিকে ধৰি এটা অঞ্চলত বিৰাজ কৰা বা বৰ্ত্তি থকা বতৰৰ সামগ্ৰিক অৱস্থা
The meteorological conditions, including temperature, precipitation, and wind, that characteristically prevail in a particular region.
- বতুবাbatubāNoun
বাত ৰোগে ধৰা
suffering from rheumatism
- বত্স-পালbot.xo-palCommon Noun
গৰু চৰাবলৈ লৈ যোৱা মানুহ ৷ সাধাৰণতে গৰু চৰাবলৈ লৈ যোৱা ডেকা ল’ৰা ৷
A villager, especially adolescent who tends the cattle of the village and takes them out to graze.