কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খৰংখচ্kho.rong.khosProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- খৰখৰীয়াAdjective
ধৰিলে বা লৰালে খৰ্খৰ্ শব্দ কৰা
rustling like dry leaves when shaken
- খৰচীAdjective
বৰকৈ খৰচ কৰা; অপব্যয়ী
prodigal
- খৰচীয়াAdjective
খৰচি থকা; ভালকৈ গুড়ি নোহোবা
coarse; not well powdered
- খৰতকীয়াkhor.to.ki.yaProper Adj.
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.
- খৰধৰkhor.dhorProper Adj.
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.
- খৰম-ঘুৰীয়াAdjective
তলুবাৰ মাজ ভাগ খৰমৰ সদৱশ অৰ্থাৎ মাটিত নপৰা (ভৰি)
arched
- খৰমিহলিkharamihaliAdjective
সানমিহলি; খেলি-মেলি
mixed up
- খৰশানkharaśānaAdjective
শানত দিয়া; চোকা
sharp
- খৰসোঁতাProper Adj.
খৰকৈ বোৱা বা তীব্ৰ বেগী সোঁত থকা
flowing at a high speed or flowing speedily with strong current
- খৰস্ৰোতাkho.ro.sro`.taProper Adj.
খৰকৈ বোৱা বা তীব্ৰ বেগী সোঁত থকা
flowing at a high speed or flowing speedily with strong current
- খৰাNoun
বৰষুণ নোহোবা, এতেকে গৰম বা তাপযুক্ত বতৰ; অনাবৱষ্টি; ৰ'দালী বতৰ; যেনে -"জেঠৰ বাৰ খৰ"
drought
- খৰা-মৰাkho.ra-mo.raProper Adj.
সচৰাচতে থকা অলংকাৰসমূহ নথকা৷
without the usual furnishings, contents
- খৰাংkharāmAdjective
শুকান; বৰষুণ নোহোবা; যেনে-"খৰাং বতৰ"
dry
- খৰিদাAdjective
কিনা; বি. ক্ৰয় কৰা; দাম দি অনা
purchased
- খৰীয়াkharīẏāAdjective
খৰে-খোবা; গাত খৰ ৰোগ থকা
suffering from ringworm
- খৰুবাkharubāAdjective
ওপৰ ওঁঠ মাজতে কটা; ওপৰ ওঁঠ ছিগি দাঁত ওলোবা
having the upper lip cut into two; hair lipped
- খৰুৱাkho.ru.waProper Adj.
ওপৰ ওঁঠৰ মাজ ভাগত প্ৰয়ে নাকৰ মজলৈকে থকা কটা চিন ৷
A cleft is a fissure or opening—a gap upon the lip and cleft. Or it is a cut mark upon the uper lip and under the nose with cleft up to palate.
- খৰে-খোবাkhare-khobāAdjective
খৰ ৰোগে খোবা; খৰীয়া
suffering from ringworm
- খৰ্তকীয়াkhartakīẏāAdjective
শীঘ্ৰে কাম কৰিব পৰা; কামত খৰ বা উদ্যোগী
brisk; quick; prompt