কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বটলbaṭalaNoun
চিঁচা; কাচৰ সৰু-ডিঙীয়া পাত্ৰ
bottle
- বটলহিbaṭalahiNoun
তলত খুৰা নথকা ঘূৰণীয়া এবিধ পিতলৰ পাত্ৰ বা ডাঙৰ ঘটি
a kind of water-vessel
- বটলাbaṭalāNoun
নিয়মমতে বিয়া নকৰা বা বাটলু তিৰী ৰখা মতা; ধেমনী ৰখা মতা; ধেম্না
a man keeping a woman as his wife without a formal marriage
- বটাbaṭāNoun
কটা তামোল বা নৈবেদ্য আদি থোবা এবিধ শৰাইতকৈ চাপৰ ধাতুৰ পাত্ৰ; চাপৰ শৰাই
a kind of tray for keeping betelnut on or offering things to a god or a respectable person
- বটা চৰাইbo.ta so.raiCommon Noun
a collective name for several genera of mid-sized birds in the pheasant family Phasianidae. New World quails (family Odontophoridae) and buttonquails (family Turnicidae) are not closely related but named for their similar appearance and behaviour. Quails are small, plump terrestrial birds. They are seed eaters but will also take insects and similar small prey. They nest on the ground and are capable of short, rapid bursts of flight. Some species such as the Japanese and Common Quail are migratory and fly for long distances. Some quail are farmed in large numbers. The Japanese Quail (or coturnix quail) is kept mostly to produce eggs.
- বটা-মৈbaṭā-maiNoun
তিনিবাৰ হাল বাই মাটিৰ ওপৰত দিয়া মৈ
harrowing the field after ploughing it three times
- বটালিbaṭāliNoun
খুন্দা; মাৰপিট; যেনে-"সি ভালকৈ এবটালি পালে"
a beating; a thrashing
- বটালি-কৰ্মAbstract Noun
বটালিৰ সহায়ত (কোনো বস্তু) কটা বা আকাৰ দিয়া কাৰ্য্য
cutting or shaping (something) with a chisel
- বটালীbo.ta.liMaterial Noun
ধাতুৰে নিৰ্মিত কাঠ খুলিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ।
Hand tool with a squared bevelled blade for shaping wood, metal, or stone.
- বটি-খোৰাbo.ti-kho`.raMaterial Noun
আঘাত-প্ৰাপ্ত অথবা শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকে খোজ কঢ়াৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা এক সঁজুলি।
a tool used as support while walking by an injured or physically challenged person.
- বটিউলিজমNoun
বটিউলিজম
বটিউলিজম
- বটিকাbotikaMaterial Noun
মুখেৰে খোৱা, ঔষধ-যুক্ত, সৰু, গোলাকাৰ বস্তু
a small globular or rounded mass of medicinal substance
- বটিখোৰাbaṭikhorāNoun
পেং-লাখুটি
stilt
- বটিয়াbaṭiẏāTransitive verb
বিন্ধাত হেঁচি সুমা
to thrust into
- বটীbo.tiMaterial Noun
মুখেৰে খোৱা, ঔষধ-যুক্ত, সৰু, গোলাকাৰ বস্তু
a small globular or rounded mass of medicinal substance
- বটীয়াbaṭīẏāNoun
সূতা পকাই কৰা মিহি জৰী; মাল
twine; string; cord
- বটুবাbaṭubāNoun
তামোল ৰখা সৰু জোলোঙা
a small bag for betelnuts
- বটুৱাbo.tu.waMaterial Noun
তলত খুৰা নথকা ডাঙৰ ঘটিৰ দৰে চুটি ডিঙিৰ ঘূৰণীয়া এবিধ পিতলৰ পাত্ৰ
an round water-vessel made of brass, which has a short neck and does not have a foot to stand
- বটোৱাৰাbo.to`.waraAbstract Noun
কোনো সম্পত্তি ভগাই দিয়া কাৰ্য্য; সাধাৰণতে পৈতৃক সম্পত্তি আদি ভগাই দিয়া বুজায় ।
Divide into parts, pieces, or sections; basically used for partition of inheritance
- বঠাbaṭhāNoun
মূৰ গোটা আৰু আগফালে চেপেটা এবিধ নাও চলোবা দীঘল, কাঠৰ সঁজুলি
an oar