কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তলচিহ্নMaterial Noun
যাৰ লগত কিবা এটাক তুলনা কৰা হয়
the object with which something is compared
- তলত-পৰাtalata-parāNoun
শয্যাৰ ওপৰত পাৰি দিয়া কাপোৰ
a bed sheet
- তলধৰাMaterial Noun
য’ত বোৱনীয়ে ভৰি থৈ তাঁত শাল চলায়
A part of hand loom where weaver push her foot to cross the threads to weave
- তলনিtalaniNoun
জুলীয়া বস্ত্তৰ তলত থকা ভাগ; গেদ
sediments; dregs
- তলপtalapaNoun
শয্যা; যেনে-"ৰতন তলপ মহ শয়নে ৰহতু হৰি পঙ্কজ নয়ন বিশাল" (বৰগীত)
a bed
- তলপেটtol.petMaterial Noun
মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷
the front or under part of a vertebrate body from the breastbone to the pelvis, containing the abdominal viscera
- তলপেটিtol.pe.tiMaterial Noun
ডাঙৰ কটা মাছৰ টুকুৰা, পেটৰ অংশটো৷
A stomach portion of cut fish.
- তলপোনtalaponaNoun
তলকাছ।
- তলপোন্ধtalapondhaNoun
তলকাছ।
- তলবtalabaNoun
হুকুম; আদেশ
order; summons
- তলাtalāNoun
কোনো পাত্ৰৰ তলি; কোনো দ বা ফোঁপোলা বস্ত্তৰ তলি
the bottom of anything
- তলা-নলাtalā-nalāNoun
গুপ্ত কথাৰ সম্ভেদ; উবাদিহ; আদ্যোপান্ত বুজা; অনুসন্ধান
knowledge of a secret; a clue
- তলাতলtalātalaNoun
পাতাল; পুৰাণমতে সাতখন পাতালৰ এখন [অনাদি-পাতনমতে সাতখন পাতালৰ এখনৰ নাম অতল।]
one of the seven regions below the earth
- তলানলাto.la.no.laAbstract Noun
কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|
A knowledge or understanding of something hidden.
- তলাবন্ধAbstract Noun
সুৰক্ষাজনিত কাৰণত কোনো অঞ্চল বা ঘৰৰ পৰা মানুহ ওলোৱা-সোমোৱা বন্ধ কৰি দিয়া কাৰ্য্য৷
a security measure taken to prevent people from leaving or entering a building or other location.
- তলিtaliNoun
কোনো পাত্ৰ বা বস্ত্তৰ তলৰ ভাগ; তলা; অধোভাগ
the bottom
- তলি-উদংAdjective
তলা-উদি; বি. তলিচা তলচা; বিণ. তলিয়ৰি তলত থকা
remaining at the bottom, sediments
- তলিয়াtaliẏāNoun
ভাতৰ চৰুত ভাত ঢকা নাল লগোবা চেপেটা ঢাকনি
a flat cover of a cooking vessel
- তলীto.liMaterial Noun
কোনো নিৰ্দ্দিষ্ট সীমা থকা বা নথকা এক অঞ্চল
An area with definite or indefinite boundaries
- তলুবাtalubāNoun
হাতৰ ভিতৰৰ বা তলৰ ফাল; হাতৰ যি ফালেৰে বস্ত্ত ধৰা যায় সেই ফাল
the palm of the hand