কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গদাধৰ সিংহgo.da.dhor xing.hoProper Noun
অসমৰ আহোম ৰাজবংশৰ এজন স্বৰ্গদেউ (শাসনকাল: ১৬৮১ - ১৬৯৬)৷ তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিস্থা কৰে, আহোম সাম্ৰাজ্যৰ অন্ত পৰালৈকে এই ফৈদে অসমত শাসন কৰি যায়৷
established the rule of the Tungkhungia clan of the Ahom kings that ruled the Ahom kingdom till its climactic end.
- গদাপাণিgadāpāṇiNoun
কৱষ্ণ; যেনে-"জয় জয় শঙ্খ-চকৰ-গদাপাণি" (ভটিমা)।
- গদাপৰ্বgadāparbaNoun
ভীম আৰু দুৰ্য্যোধনৰ গদা-যুদ্ধৰ কথা লিখা থকা মহাভাৰতৰ এক অংশ
a division of the Mahābhārata
- গদাপৰ্ব্বgadāparbbaNoun
ভীম আৰু দুৰ্য্যোধনৰ গদা-যুদ্ধৰ কথা লিখা থকা মহাভাৰতৰ এক অংশ
a division of the Mahābhārata
- গদ্যgadyaNoun
ছন্দেৰে নিলিখা ভাষা; কথা কোবা ভাষাৰে লিখা ৰচনা
prose
- গধা ফুটুকিgo.dha phu.tu.kiCommon Noun
The Clouded leopard (Neofelis nebulosa) is a medium-sized cat found in North East India and Southeast Asia. It has a tan or tawny coat, and is distinctively marked with large, irregularly-shaped, dark-edged ellipses which are said to be shaped like clouds. This unique appearance gave the mammal both its common and scientific species name (Nebulosus is the Latin for `cloudy`). The Clouded Leopard was a confusion to scientists for a long time because of the appearance and skeleton. It was what seemed to be a cross in between a big cat and a small cat. The scientific name of the genus, Neofelis, originates from neo, which means `new`, and felis, which means `small cat`, so it literally means new kind of small cat.
- গধুৰ পানীgo.dhur pa.niMaterial Noun
Water containing deuterium or heavy hydrogen instead of normal hydrogen (symbol D<sub>2</sub>O); used as a moderator in nuclear reactors. Deuterium is a stable isotope of hydrogen formed of one proton and one neutron in each atom.
- গধুৰালিNoun
গহীন ভাব বা স্বভাব
graveness; seriousness
- গধূলাgadhūlāNoun
গৰু ঘৰলৈ চাপি অহা সময়, বেলি পৰা বা মাৰ যোবা কাল; সন্ধ্যা সময়
evening; sunset
- গধূলিgadhūliNoun
গৰু ঘৰলৈ চাপি অহা সময়, বেলি পৰা বা মাৰ যোবা কাল; সন্ধ্যা সময়
evening; sunset
- গধূলি গোপালgo.dhu.li go’.palCommon Noun
এবিধ পেঁপা আকাৰৰ গধূলি সময়ত ফুলি পূৱা মৰহি যোৱা ফুল৷ ইয়াৰ পাহিটো এক ইঞ্চি ব্যাসৰ আৰু দুই ইঞ্চি দৈঘ্যৰ হয়৷
Four o`clock flowers are trumpet shaped, about an inch across at the end and about two inches long. They open in the evening and wilt the next morning.
- গধূলি বেলাgo.dhu.li be.laAbstract Noun
বেলি মাৰ যোৱাৰ পাছৰ সময়৷
the time just after or around sun-set
- গধূলি বেলিয়াgo.dhu.li be.li.yaAbstract Noun
বেলি মাৰ যোৱাৰ পাছৰ সময়৷
the time just after or around sun-set
- গধূলি-গোপালgadhūli-gopālaNoun
টুবুকা-টুবুক পাতেৰে আৰু সৰু গছেৰে এবিধ গধূলি ফুলা ফুল [বগা, ৰঙা আৰু হালধীয়া ফুলেৰে ইয়াৰ তিনিটা উপজাতি আছে।]
a kind of flower
- গধূলি-বেলাgadhūli-belāNoun
সন্ধ্যা সময়
the evening; the sunset
- গধূলি-বেলিকাgadhūli-belikāNoun
সন্ধ্যা সময়
the evening; the sunset
- গধূলি-বেলিয়াgadhūli-beliẏāNoun
সন্ধ্যা সময়
the evening; the sunset
- গধূলিকাgadhūlikāNoun
গধুলি; যেনে-"গধূলিকা বেলা শ্ৰী দেখিলা লঙ্কাৰ" (মা. ক. সুন্দৰাকাণ্ড)।
- গনganaNoun
আৰ্চীত উঠা প্ৰতিবিম্বৰ গঢ় বা গতি; যেনে-"আৰ্চীৰ কেনুলা গন ঐ লাহৰী" (বনগীত)
the way of reflection in mirror
- গনকসিন্ধুProper Noun
ভাৰতবৰ্ষৰ উত্তৰ অঞ্চলৰ মাজেদি বৈ যোৱা এক প্ৰধান নদী।
A major river flowing through the northern part of India.