কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰচ্racTransitive verb
সাজ্; প্ৰস্ত্তত কৰ্
to make; to construct
- ৰজাrajāNoun
নৱপতি; দেশৰ অধিপতি
a king
- ৰজ্Material Noun
অপৰিষ্কাৰ পদাৰ্থ, যেনে মাটিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণা।
any foul or filthy substance, esp. powdery soil.
- ৰঞ্জ্rañjTransitive verb
বৰণ লগাই শোভিত কৰ্; চিত্ৰিত কৰ্
to paint
- ৰটনাro.to.naAbstract Noun
সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ
A piece of unverified information of uncertain origin usually spread by word of mouth
- ৰটনিro.to.niAbstract Noun
সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ
A piece of unverified information of uncertain origin usually spread by word of mouth
- ৰটি ফুৰ্ro.ti phurVerb-Intran.
আনৰ বিষয়ে কৈ ফুৰ্, বিশেষকৈ আনৰ দুৰ্ণাম বখান্
to talk about other people, particularly to speak ill of others
- ৰট্raṭIntransitive verb
কাউৰীৰ দৰে মাত
to caw, as a crow
- ৰণঙ্গনাraṇaṅganāIntransitive verb
জোকাৰ খোবা কাঁহী বাটি বা অলঙ্কাৰৰ দৰে শব্দ কৰ্
to jingle
- ৰণজনাron.jo.naVerb-Intran.
কাঁহী-বাটী, অলংকাৰ আদি জোকাৰ খাই শব্দ কৰ্
To make a tinkling or ringing metallic sound.
- ৰতি উৎসৱro.ti ut.xobVerbal Noun
সুৰাপান আৰু অবাধ যৌন মিলনেৰে কৰা উৎসৱ/ ধৰ্মীয় আচাৰ ৷
a party at which there is a lot of eating,drinking and sexual activity
- ৰতি সেৱাro.ti xe.waVerbal Noun
সুৰাপান আৰু অবাধ যৌন মিলনেৰে কৰা উৎসৱ/ ধৰ্মীয় আচাৰ ৷
a party at which there is a lot of eating,drinking and sexual activity
- ৰতি-ৰঙ্গro.ti-rong.goVerbal Noun
পুৰুষ-তিৰোতাই কাম-ভাৱত পৰস্পৰক চুম্বন, আলিঙ্গন আদি কৰা কাৰ্য্য ৷
Playful behaviour (such as kissing, hugging, etc.) intended to arouse sexual interest.
- ৰতিক্ৰিয়াro.ti.kriyaVerbal Noun
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.
- ৰতিক্ৰীড়াVerbal Noun
পুৰুষ-তিৰোতাই কাম-ভাৱত পৰস্পৰক চুম্বন, আলিঙ্গন আদি কৰা কাৰ্য্য ৷
Playful behaviour (such as kissing, hugging, etc.) intended to arouse sexual interest.
- ৰতিকৰ্মro.ti.kor.moVerbal Noun
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.
- ৰদ কৰ্Verb-Trans.
declare invalid (an official agreement, decision, or result)
- ৰদ-বদল কৰ্rod-bo.dol korVerb-Trans.
বৰ্ত্তমানে থকা অৱস্থা বা ভৱিষ্যতে অকলশৰীয়াকৈ ৰাখিলে থাকিব লগীয়া অৱস্থাতকৈ কোনো বস্তুৰ ৰূপ, স্বভাৱ, গাঁথনি আদি বেলেগ কৰ্
To make the form, nature, content, future course, etc., of something different from what it is or from what it would be if left alone.
- ৰদকৰণVerbal Noun
The act of removing, revoking, discontinuing or invalidate something
- ৰন্ধাrandhāTransitive verb
আনৰ দ্বাৰায় পাক কৰোবা
to cause to be cooked