কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভঙুৱাbho.ngu.waVerbal Adj.
অত্যধিক ভাং খোৱা বা তাৰ প্ৰতি আসক্ত লোক ৷
One addicted to the use of marijuana.
- ভজনাbho.jo.naVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- ভজাbhajāTransitive verb
গুৰুক ভজিবলৈ বা আৰাধনা কৰিবলৈ শিকা; শৰণ বা দীক্ষাৰ মন্ত্ৰ শিকা; কোনো দেবতাৰ পূজাৰ ক্ৰম শিকা
to initiate a disciple into the mode of worshipping a deity
- ভজ্bhajTransitive verb
উপাসনা কৰ্; পূজা কৰ্
to worship
- ভঞ্জ্bhañjTransitive verb
ভাঙ্; নাশ কৰ্; গুচা; যেনে-"ওহি ভকত ভয় ভঞ্জো" (বৰগীত); . b >ভঞ্জন/b> ভাঙন
to break; to destroy ; the act of breaking
- ভটং কৰেbho.tong ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ভটিয়াই যাbho.ti.yai jaVerb-Intran.
পানীৰ সোঁতৰ দিশত অৰ্থাৎ নামনিৰ ফালে গতি কৰ্
to move in the direction of the current or to the lower course of the stream
- ভণ্bhaṇTransitive verb
লিখ্। ৰচনা কৰ্
to compose
- ভতাbhatāTransitive verb
তাঁত বোবাৰ আগেয়ে পাট, মুগা আদি ৰেচমৰ সূতাত নিসনিৰে বা সিজাই ভাতৰ নিচিনা কৰি খুন্দা ধানৰ পানীৰে মাড় লগা
to size silk thread previous to weaving
- ভতাতকেAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ভদ্ৰভাৱেbhod.ro.bha.beAdverb
সৌজন্যতা দেখুৱাই কৰা কোনো কাম বা আচৰণ ৷
In a civil manner with due respect and kind.
- ভনেbho.neVerb-Trans.
মনৰ ভাৱ, অনুভূতি আদি শব্দত প্ৰকাশ কৰা
to express one's thoughts, feelings etc in words
- ভন্ভনাIntransitive verb
মাখিৰ দৰে শব্দ কৰ্
to hum; to buz as fly
- ভবিষ্যবাণী কৰ্bho.bis.wo.ba.ni korVerb-Trans.
বৰ্ত্তমানে উপলদ্ধ তথ্যৰ ভিত্তিত আগলে কি হ’বপাৰে তাক আগতীয়াকৈ কোৱা বা জনোৱা যেনে বতৰ বা বিক্ৰীৰ বিষয়ে কোৱা
to estimate about what will or may happen in the future, based on avilable present information e.g. of weather or sale
- ভবৰাbhabarāTransitive verb
এনে কৰিম তেনে কৰিম বুলি ভয় দেখুবা
to threaten; intimidate
- ভবৰি উঠ্bhabari, uṭhIntransitive verb
ভয়ত নোম শিয়ৰি উঠ্
to be erect as the hairs, of the body, in fear
- ভম্ভমাIntransitive verb
গাত পোৰণি বোধ কৰ্; পোৰণিৰপৰা দুখ পা
to feel a sensation of burning
- ভলাTransitive verb
to cause to bend
- ভল্bhalIntransitive verb
তাপ পাই বেঁকা হ; অলপ ভাঁজ ল
to warp; to bend; to be distorted
- ভসাৰ্bhasārTransitive verb
ভোঁহাৰ্; ফালি-ছিৰি উলিয়া
to break open; to pierce