কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওন্দোলাondolāIntransitive verb
মেঘ ওলমি নামি আহি আন্ধাৰ কৰ্; মেঘে ঢাকি কৰ্; যেনে-"পশ্চিম ফালৰপৰা মেঘে ওন্দোলাই আহিছে"
to darken; to be covered with clouds (as sky)
- ওপংopamIntransitive verb
পানী আদি তৰল বস্ত্তৰ ওপৰলৈ উঠ্ বা তললৈ নোযোবাকৈ থাক্
to float
- ওপঙনo`.po.ngonVerbal Noun
কোনো জুলীয়া পদাৰ্থৰ উপৰিপৃষ্ঠত ভাঁহি থকা কাৰ্য্য
the act of remaining or resting at the surface of a liquid
- ওপঙি থাক্o’.po.ngi thakVerb-Intran.
তৰল পদাৰ্থৰ ওপৰত / পৃষ্ঠত কোনো গোটা বস্তু স্থিত হৈ থকা বা গতি কৰা
To move or remain on the surface of a liquid
- ওপচopacaIntransitive verb
পাত্ৰৰ মুখলৈকে ভৰি পৰ্; পূৰ হ; যেনে-"ধানেৰে পাচিটো উপচিলে"
to be full to the brim
- ওপচাTransitive verb
সম্পূৰ্ণৰূপে ভৰা বা পূৰ কৰ্; যেনে-"ধানেৰে পাচিটো ওপচা; "
to fill to the brim
- ওপচি পৰ্o.po.si porVerb-Trans.
কোনো পাত্ৰ পূৰ হৈ গৈ তাৰ পৰা সৰি পৰ্
to cause or allow to run or fall from a container
- ওপচ্o`.posVerb-Trans.
অধিক পৰিমাণত উপলভ্য হ
be in a large amount, be plentiful
- ওপজo`.pojVerb-Intran.
জন্ম হৈ অস্তিত্ব গ্ৰহণ কৰ্
to exist as a result of birth
- ওপজাTransitive verb
জন্ম দি; উৎপন্ন কৰ্
to give birth; to produce
- ওপৰতেo`.po.ro.teAdverb
বায়ুৰ মাজত ওলমি থকা বিষয়ক৷
hanging in the air or sky.
- ওপৰলৈ তোলo’.po.ro.loi to’lVerb-Trans.
সাম্প্ৰতিক স্থানৰ পৰা ওপৰৰ এক স্থানলৈ উঠা ৷
To move something in the upward direction.
- ওপৰা-উপৰিকৈo`.po.ra-u.po.ri.koiAdverb
এটাৰ ওপৰত আনটোকৈ
in an overlapping manner
- ওপৰেopareAdverb
ওপৰত; ওপৰে; ঊৰ্দ্ধে; ওখ হৈ
over; above
- ওপৰে ওপৰেopare, opareAdverb
দকৈ নভবাকৈ
superficially
- ওপৰে-ওপৰেo`.po.re-o`.po.reAdverb
দকৈ ভাবি নোচোৱাকৈ; কেৱল বাহিৰৰ ৰূপটো চাই
being concerned with or comprehending only what is on the surface, i.e. without thinking deeply
- ওফন্দি উঠ্o’.phon.di uthVerb-Intran.
গৌৰৱ, সম্পত্তি আদিৰ বাবে ফুলি উঠ্ অথবা ভিতৰৰ পৰা চাপৰ বাবে ফুলি উঠ্
To grow out by pride, wealth, etc., or by pressure from within
- ওফন্দ্ophandIntransitive verb
বেদনা, বায়ু বা তাপৰ দ্বাৰা বহল হ; উখহ্; ফুল্; স্ফীত হ
to expand; swell
- ওফাইদাং মাৰ্o`.phai.dang marVerb-Intran.
নিজৰ বিষয়ে অহঙ্কাৰ কৰি বঢ়াই বঢ়াই ক
to speak with exaggeration and excessive pride, especially about oneself
- ওফোন্দ পাতo’.pho’nd patVerb-Intran.
মুখখন ফুলাই ৰাখি অসন্তুষ্টি প্ৰকাশ কৰ্
to express displeasure by thrusting out the lips, or by a gloomy silence or reserve