কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফটং-গিৰীphaṭam-girīNoun
গণ্ডপী মানুহ; ফুটনি কৰা লোক
a blustering or vainglorius person
- ফটকphaṭakaNoun
জপনা; যেনে-"সুষেণ ফুৰন্ত ফটকৰ চাৰি দ্বাৰ" (মা. ক. লঙ্কাকাণ্ড)
a gate
- ফটকাpho.to.kaMaterial Noun
উৎসৱ-পাৰ্বন বা আনন্দৰ মুহূৰ্তত ফুটুৱা সৰু বোমা।
A small bomb that are cracked during celebrations.
- ফটকা-phaṭakā-Noun
জুই লগালে ফট্কৰে শব্দ কৰি উঠা খাৰ ভৰাই তুলা-পাতেৰে সজা এবিধ ওমলা বস্ত্ত
a squib; a cracker
- ফটাকঁথাpho.ta.ko~.thaMaterial Noun
পুৰণি ফটা কাপোৰ জাপি সিয়া নিহালি
a quilt made from strips of old cloth.
- ফটাকানিphaṭākāniNoun
ফটা কাপোৰৰ টুকুৰা বা খণ্ড
a piece of rag
- ফটিকphaṭikaNoun
এবিধ বৰ বগা নিমজ চকচকীয়া বহুমূলীয়া পাথৰ
a rock-crystal; quartz
- ফটিক-খেলphaṭika-khelaNoun
এবিধ ল'ৰাৰ ধেমালি [দুটা গুটি সিহঁতে নেদেখাকৈ দুঠাইত পেলাই দিয়া হয়; গুটি বিচাৰি পোবা ল'ৰাৰ-পৰা কাঢ়ি ল'বলৈ অনেক যুঁজ- বাগৰ হয়।]
a kind of game for children
- ফটিকাphaṭikāNoun
ৰাগিয়াল বস্ত্ত পানীত সিজাই তাত জাল দি তাৰ ভাগৰপৰা কৰা মদ; বিদেশী মদ
wine or liquor produced by distillation
- ফটিকা-পোৰাphaṭikā-porāNoun
মদ খোবা মাটিৰ পাত্ৰ
an earthen vessel for drinking wine
- ফটুবাইphaṭubāiNoun
ভৰি ফটা ৰোগ
a disease affecting the foot
- ফটুবৈ-চোলাphaṭubai-colāNoun
বুকু ফলা, হাত নথকা, কঁকাললৈকে পৰা এবিধ চোলা
a waist coat
- ফটুৱাpho.tu.waProper Adj.
যি অতি বেছিকৈ, সাধাৰণতে অদৰকাৰী কথা কয়
talking too much, often of no use
- ফটুৱামিpho.tu.wa.miAbstract Noun
মূৰ্খামি অথবা গাম্ভীৰ্য্যহীনতাৰ পৰিচায়ক কোনো আচৰণ।
an act that is perceived as foolish or frivolous.
- ফটুৱৈ-চোলাpho.tu.oi-so`.laMaterial Noun
বুকু ফলা, হাত নথকা, কঁকাললৈকে পৰা এবিধ চোলা৷
A (man`s) chest opened, sleeveless, waist-length, garment worn underneath a coat.
- ফটোpho.to`Abstract Noun
কেমেৰাৰ সহায়ত তোলা ছবি
a visual image recorded by using a camera
- ফটো পৰিচয় পত্ৰpho.to` po.ri.soi po.troMaterial Noun
কোনো ব্যক্তিৰ নিজৰ ফটো থকা পৰিচয় পত্ৰ৷ (পৰিচয় পত্ৰ চাওক)
an official identity card with the holder’s photograph attached to it. (see identity card)
- ফটো-তোলাpho.to`-to`.laVerbal Noun
কেমেৰাৰ সহায়ত আলোকচিত্ৰ আহৰণ কৰা কলা, বিদ্যা বা বৃত্তি
the art, practice, or occupation of taking and printing photographs, making cine films, etc.
- ফটোগ্ৰাফphaṭogrāphaNoun
আলোকচিত্ৰ
photograph
- ফটোমিটাৰpho.to`.mi.tarMaterial Noun
পোহৰৰ তীব্ৰতা জুখিবৰ কাৰণে ব্যৱহাৰ কৰা এবিধ সঁজুলি৷ ইয়াৰ দ্বাৰা কোনো দ্বীপৰ দীপন-শক্তি জোখা হয়৷
Instrument for measuring light