কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘঞ্চালghañcālaNoun
ঘনাই অহা-যোবা; ঘন সমাগম; অধিকৰ যাতায়াত; ঠেলা-ঠেলি; হেঁচা-হেঁচি
constant visits; frequent contact
- ঘঞ্চালনিNoun
ঘঞ্চলা; ঠেলা-ঠেলি বা হেঁচা-হেঁচি কৰা কাৰ্য্য; আমনি কৰা কাৰ্য্য
the act of frequenting or troubling
- ঘটghaṭaNoun
টেকেলি-কলহৰ আকৱতিৰ মাটিৰ মজলীয়া আকাৰৰ পাত্ৰ
a small earthen water-jar with a neck
- ঘট-স্হাপনghaṭa-shāpanaNoun
পূজা কৰিবৰ অৰ্থে পবিত্ৰ গছৰ কোমল পাতেৰে (পঞ্চ-পল্লব) সজাই পানীৰে ভৰা টেকেলি পূজাৰ ঠাইত পতা বা স্হাপন কৰা কাৰ্য্য
the act of consecrating and setting up a small earthen vessel containing water and leaves of sacred trees for the purpose of worshipping a god or goddess
- ঘটংghaṭamNoun
গাঁত বা ফোঁপোলা বস্ত্তৰ ভিতৰত আঘাত হ'লে বা কোনো টান বস্ত্ত পৰহিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by something striking or falling into a deep hollow thing
- ঘটং-মটংgho.tong-mo.tongAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- ঘটংমটংghaṭammaṭamNoun
ওচৰা-উচৰিকৈ থোবা সৰু বস্ত্ত পৰস্পৰ ঠেকা খাই হোবাৰ নিচিনা শব্দ
a sound like that of small things striking against one another
- ঘটকghaṭakaNoun
যি দৰা-কন্যা বিচাৰি বিয়া ঘটায় বা সিদ্ধ কৰে
a match-maker
- ঘটকালিgho.to.kaliVerbal Noun
ঘটকৰ কাম অৰ্থাৎ দুঘৰৰ মাজত বিয়াৰ সমন্ধ ঘটোৱা কাম ৷
The act of arranging marriages by introducing possible mates
- ঘটকাসুৰgho.to.ka.xurProper Noun
বিভিন্ন আখ্যান, কিংবদন্তি আৰু সিঁচৰতি হৈ থকা প্ৰাচীন স্মৃতিচিহ্নৰ সম্ভেদ মতে মহীৰংগ দানৱ প্ৰাচীন অসমৰ ৰজা আছিল আৰু পিছলৈ তেওঁৰ বংশৰ (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল৷ দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এটা নতুন বংশৰ পাতনি মেলে৷ ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়৷
According to a late text, Kalika Purana (c. 9th–10th century AD), the earliest ruler of Assam was Mahiranga Danav of the Danava dynasty, which was removed by Naraka of Mithila who established the Naraka dynasty.Ghatakasur was father of Narakasur.
- ঘটনghaṭanaNoun
উপাৰ্জ্জন কৰা কাৰ্য্য; . উপাৰ্জ্জন কৰা ধন-বস্ত্ত; আৰ্জ্জন
the act of earning ; earnings
- ঘটনাghaṭanāNoun
হোবা কাৰ্য্য
occurrence
- ঘটনাক্ৰমgho.to.na.kromAbstract Noun
এটাৰ পাছত আনটোকৈ হোৱা ঘটনাবোৰ
the sequence of events
- ঘটনাচক্ৰAbstract Noun
কিছুমান ঘটনা বা পৰিঘটনাৰ সমষ্টি
A series of incidences or events
- ঘটনাপ্ৰৱাহgho.to.na.pro.bahAbstract Noun
এটাৰ পাছত আনটোকৈ হোৱা ঘটনাবোৰ
the sequence of events
- ঘটনাস্থলীAbstract Noun
ঘটনা সংঘটিত সোৱা ঠাই ডোখৰ৷
The place where an accident happens
- ঘটনাৰাজীgho.to.na.ra.jiAbstract Noun
যি ঘটিত হৈছে বা ঘটা বুলি ধৰা হৈছে
something that happens or is regarded as happening
- ঘটনাৱলীgho.to.na.oliAbstract Noun
যি ঘটিত হৈছে বা ঘটা বুলি ধৰা হৈছে
something that happens or is regarded as happening
- ঘটমটনিNoun
ঘটঘটনি সক. ধা. ঘট্মটা বৰকৈ লৰাই বা জোকাৰি শব্দ তোল্
to produce sound by violent shaking
- ঘটাghaṭāTransitive verb
ঘটুবা; পৰাস্ত কৰা; হৰুবা
to defeat