ঘট
ghaṭa
অৰ্থ
1.
টেকেলি-কলহৰ আকৱতিৰ মাটিৰ মজলীয়া আকাৰৰ পাত্ৰ
a small earthen water-jar with a neck
বি.
2.
দেহ থকা বস্ত্ত; যেনে-"ঈশ স্বৰূপে হৰিঃ সব ঘটে বৈঠহঃ যৈছন গগন বিয়াপি" (বৰগীত)
matter or substance having form or body
বি.
3.
দ'লৰ কলচী।
বি.
4.
ঘাই; শিৰোমণি; প্ৰধান; যেনে-"স্বভাবতে যদুবংশী নাৰীত লম্পট। সবাৰো উপৰি কৱষ্ণ তই ভৈলি ঘট" (ৰুক্মিণী-হৰণ)
a leader or chief
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ