কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঐ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঐতিহাসিক ভাষাবিজ্ঞানAbstract Noun
ভাষিক অধ্যয়নৰ এটা অংশ, যিয়ে সময়ৰ লগে লগে ভাষা এটাৰ পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰে।
a part of linguistic study that studies the change of a language over time.
- ঐতিহ্যaitihyaNoun
পৰম্পৰা-গত কথা
tradition
- ঐতৰেয়aitareẏaNoun
ঋগ্বেদৰ এক খণ্ড
a portion of the Rgveda
- ঐদেহি-বৈদেহিaidehi-baidehiNoun
নানাপ্ৰকাৰৰ অৰ্থহীন কথা
irrelevant words
- ঐদৰি-মৈদৰিaidari-maidariNoun
কৰোঁ নকৰোঁ ভাব
show of indisposition towards work
- ঐনিতমoi.ni.tomAbstract Noun
মিচিং সকলে গোৱা লোকগীত
a folk song of mising community of east Assam, India
- ঐন্দ্ৰজালিকaindrajālikaAdjective
বাজীকৰৰ নিচিনা নোহোবা বস্ত্ত হোবা কৰি দেখুবা; ভেলেকি কৰা; মায়া-যুক্ত
magical; illusory
- ঐলailaNoun
ইলাৰ গৰ্ভত বুধৰ ঔৰস-জাত পুত্ৰ পুৰুৰবা; যেনে -"কহিলো সম্বাদ বায়ু ঐল নৱপতিৰ" (শান্তিপৰ্ব্ব)।
- ঐলবিলoi.lo.bilProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- ঐশানীoi.xa.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- ঐশানুaiśānuNoun
বটগছ।
- ঐশ্বৰ্যaiśbaryaNoun
প্ৰচুৰ ধন-সম্পত্তি
wealth
- ঐশ্বৰ্য্যaiśbaryyaNoun
প্ৰচুৰ ধন-সম্পত্তি
wealth
- ঐষিকaiṣikaNoun
এবিধ বাণ [অশ্বত্থামাই পাণ্ডুবৰ বংশ নাশ কৰিবলৈ এমুঠি ইকৰা পাত লৈ আৰু তাত মন্ত্ৰ উচ্চাৰণ কৰি ভীমৰ ফালে দলিওবা অস্ত্ৰ-বিশেষ]।
- ঐষ্ণীকois.nikCommon Noun
এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
a male sovereign ruler of a kingdom
- ঐয়া-হৈয়াaiẏā-haiẏāAdjective
এজনে এইটো আনজনে সেইটো কোবা বা কৰা; এজনে হয়, এজনে নহয় বোলা; অমিল
mutually discordant
- ঐৰairaPronoun
ইয়াৰপৰা; এই ঠাইৰপৰা; যেনে-প্ৰাণ ৰক্ষা কৰি সত্বৰে ঐৰ অন্তৰ (কীৰ্ত্তন)।
- ঐৰাবতairābataNoun
ইন্দ্ৰ দেবতাৰ হাতী
Indra's elephant
- ঐৰাৱতoi.ra.wotProper Noun
পৃথিৱীখনক পিঠিত ধাৰণ কৰি থকা বুলি বিশ্বাস কৰা আঠটা হাতীৰ এটা।
one of the eight elephants on which the earth is believed to be supported.
- ঐৰাৱৎoi.ra.wotCommon Noun
ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু
A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears.