কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইউগাণ্ডাiu.gan.daProper Noun
পূব আফ্ৰিকাৰ এখন দেশ৷
Uganda, officially the Republic of Uganda, is a landlocked country in East Africa. It is bordered to the east by Kenya, to the north by South Sudan, to the west by the Democratic Republic of the Congo.
- ইউটিউবiu.ti.ubAbstract Noun
ভিডিঅ’ আদান-প্ৰদান কৰিবলৈ সুবিধা থকা এক জালস্থান৷
A website to share videos
- ইউনানীiu.na.niProper Noun
মধ্যপ্ৰাচ্য আৰু দক্ষিণ পূব এচিয়াৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি।
Unani-tibb or Unani Medicine also spelled Yunani Medicine is a form of traditional medicine practiced in middle-east.
- ইউনিকৰ্নCommon Noun
এটা শিং থকা ঘোঁৰা৷ কাল্পনিক প্ৰানী৷ মছেপটিয়াম আৰ্টচ প্ৰথম দেখা গৈছিল৷ গ্ৰীকসকলে বিশ্বাস কৰিছিল আৰু ভাবিছিল ইয়াক ভাৰতত পোৱা যায়৷
A mythical creature. A horse with single horn. First found in mesopotemium art. Greeks belives it. The creature does not associate with certain myth of any culture.
- ইউনিক’ডiu.ni.ko``dProper Noun
বিশ্বৰ প্ৰায়বিলাক ভাষা কম্পিউটাৰত লিখিব পৰা কম্পিউটাৰীয় (প্ৰগামিং) ব্যৱস্থা৷
a computational writing system that allows most of the languages of the world to be represented in the computer
- ইউনিফৰ্মiu.ni.phormMaterial Noun
সেনা-বাহিনীৰ সদস্য বা স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধা একে ধৰণৰ সাজ-পাৰ
the special set of clothes worn by all members of an organization or a group at work, or by children at school
- ইউনিয়নAbstract Noun
কোনো কাৰখানা বা উদ্যোগৰ সংগঠিত কৰ্মী দল
An organized group of workers or laborer of a work place like factory.
- ইউফ্ৰেটিছiu.phre.tisProper Noun
টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ ইৰাকৰ দুখন নদীৰ নাম৷ আজিও বৈ আছে এই নদী ইৰাকৰ বুকুৰ মাজেৰে৷ গঢ় লৈ উঠিছিল ইৰাকৰ ভূমিতে মেছ`প`টেমিয়া সভ্যতা৷ গ্ৰীক ভাষাত মেছ`প`টেমিয়াৰ অৰ্থ দুই নদীৰ মাজৰ ভূমি৷
The Euphrates River is the western member of the two great rivers that define Mesopotamia, the other being the Tigris. The river flows south from the mountains of southeastern Turkey through Iraq.
- ইউৰিক এছিডMaterial Noun
ইউৰিক এছিড
ইউৰিক এছিড
- ইউৰেছীয়iurechīẏaNoun
ইউৰোপ আৰু এছিয়া মহাদেশৰ পিতা-মাতাৰ সন্তান
Eurasian
- ইউৰেনাচ্iu.re.nasProper Noun
বৰফ কনিকাৰ বলয়ৰে আবৃত্ত সৌৰজগতৰ সপ্তম গ্ৰহ ৷ ইয়াৰ বৰণ নীল-সেউজীয়া আৰু অসংখ্য উপগ্ৰহ আছে (অতি কমেও ২১ টা) ৷ ১৭৮১ ইং চনত উইলিয়াম হাৰ্চেলে এই গ্ৰহটো আৱিস্কাৰ কৰিছিল ৷
A giant planet with a ring of ice particles; the 7th planet from the sun has a blue-green colour and many satellites (at least 21). It was discovered by William Herchel in 1781.
- ইউৰেনিয়ামi.u.re.ni.yamMaterial Noun
a radioactive metallic chemical element used as a fuel in nuclear reactors.
- ইউৰোপiu.ro’pProper Noun
ষষ্ঠ বৃহত্তম মহাদেশ
The sixth largest continent
- ইউৰোপিয়ানiu.ro`.pi.yanProper Noun
ইউৰোপ(য়ুৰোপ)মহাদেশৰ লোক বা যাৰ পূৰ্বপুৰষ তাৰ পৰা অহা।
a person who is or whose ancestors are from Europe. In British English it also means a person who supports the European Union.
- ইউৰোপীয় মহাসংঘiu.ro.pi.yo mo.ha.xong.ghoAbstract Noun
মূলতঃ পশ্চিম ইউৰোপৰ ২৮ খন দেশৰ সন্মিলিত আৰ্থ-ৰাজনৈতিক সংঘ৷
The European Union is a politico-economic union of 28 member states that are located primarily in Europe. It covers an area of 4,324,782 km², with an estimated population of over 508 million.
- ইউৰোপীয় সংঘiu.ro`.pi.yo xong.ghoAbstract Noun
মূলতঃ পশ্চিম ইউৰোপৰ ২৮ খন দেশৰ সন্মিলিত আৰ্থ-ৰাজনৈতিক সংঘ৷
The European Union is a politico-economic union of 28 member states that are located primarily in Europe. It covers an area of 4,324,782 km², with an estimated population of over 508 million.
- ইকট-বিকটikaṭa-bikaṭaNoun
বেয়া সোবাদ বা গোন্ধ পাই মুখ বিকৱত কৰা কাৰ্য্য।
- ইকট-সিকটikaṭa-sikaṭaNoun
(কাম আদি কৰোঁতে অনিচ্ছাৰ ভাব দেখুবাই) মুখ ইফাল-সিফাল কৰা কাৰ্য্য।
- ইকটা-সিকটাikaṭā-sikaṭāNoun
(কাম আদি কৰোঁতে অনিচ্ছাৰ ভাব দেখুবাই) মুখ ইফাল-সিফাল কৰা কাৰ্য্য।
- ইকাণ-সিকাণikāṇa-sikāṇaNoun
এজনৰ কাণৰপৰা আন এজনৰ কাণলৈ, তাৰপৰা আৰু আন এটাৰ কাণলৈ, এই দৰে ক্ৰমাৎ প্ৰচাৰ হোবা; ক্ৰমে জনাজাত হোবা; যেনে -ইকাণ-সিকাণ সহস্ৰ কাণ
act of spreading from one's ear to another's