কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আঁখিām̐khiNoun
আখি।
- আঁচām̐caNoun
জোঙা বস্ত্তৰে দিয়া দীঘল আঁক; ৰেখা
a line
- আঁচনProper Noun
ধাতুৰ ওপৰত চিত্ৰ অঙ্কণ কৰাৰ কলা
the art of making designs on metal
- আঁচনিām̐caniNoun
পাচে স্পষ্টকৈ নকল তুলিবলৈ আগেয়ে অপৰিপাটি বা অস্পষ্টকৈ লিখা কাকত; যেনে-আৰ্জ্জীৰ আঁচনি
a rough draft
- আঁচলām̐calaNoun
কাপোৰৰ আগ
the end of a cloth
- আঁচলাām̐calāNoun
এতৰণীয়া বা এদোৰলীয়া কাপোৰ
a cloth used singly without being doubled up or folded
- আঁচুām̐cuNoun
যাৰ দ্বাৰা কাপোৰ বা আঁচলত আঁচ বা চিহ্ন কৰা যায় তেনে সূতা; কাপোৰৰ ফুল তুলিবলৈ বোলোবা সূতা
coloured thread
- আঁচু-কাঠNoun
দীঘলীয়া পাতেৰে এবিধ বনৰীয়া সৰু গছ [তাৰ মূল আৰু কাঠৰ হালধীয়া বৰণেৰে সূতা বোলায়]
a small wild plant, the root and wood of which are of yellow colour and used for colouring thread; C. Zauthorrhizon
- আঁচু-কৰিNoun
দীঘলীয়া পাতেৰে এবিধ বনৰীয়া সৰু গছ [তাৰ মূল আৰু কাঠৰ হালধীয়া বৰণেৰে সূতা বোলায়]
a small wild plant, the root and wood of which are of yellow colour and used for colouring thread; C. Zauthorrhizon
- আঁচোতাNoun; Feminine
আঁচতী; বি. আঁচন আঁক টানন; আঁচ দিয়া কাৰ্য্য; আঁচ মাৰ্ আঁচ দি; আঁক টান্
to draw a line
- আঁচোৰām̐coraNoun
জোঙা বস্ত্ত লগাই আৰু তাক হেঁচি টানি আনি কৰা ঘা; যেনে-নখৰ আঁচোৰ; . সক. ধা. জোঙা বস্ত্তৰে ওপৰৰ দৰে ক্ষত বা ঘা কৰ্; যেনে-তাক বাঘে আঁচুৰিলে।
a scratch
- আঁচোৰ-পিচোৰNoun
আঁচোৰা আৰু তেনেকুবা কাৰ্য্য
scratching and doing similar acts
- আঁচোৰণFeminine; Noun
আঁচোৰা কাৰ্ষা
the act of scratching or combing
- আঁচোৰা-আঁচুৰিNoun
এটাই আনটোক আঁচোৰা কাৰ্য্য
the act of scratching one another
- আঁজনিām̐janiNoun
আচিনাই; আজিনাই।
- আঁজলিām̐jaliNoun
অঞ্জলি
a cavity formed by joining the palms of the two hands
- আঁজোৰām̐joraNoun
বলেৰে বেগাই মৰা টান; চোঁত কৰে মৰা টান
a short and sudden pull
- আঁজোৰ-পিঁজোৰNoun
অনেকবাৰ মৰা টান, টনা- আঁজোৰা
successive pulls and counter-pulls
- আঁজোৰা-আঁজুৰিNoun
এটাই আনটোক টনা কাৰ্য্য; টনাটনি; পৰস্পৰক কৰা টনাটনি
pulling one another; a struggle
- আঁটকালām̐ṭakālaNoun
উমান; গম; সঁহাৰি; শব্দ শুনি কোনো জন্ত্ত বা মানুহ ওচৰলৈ অহাৰ বোধ
a slight notice on conjecture formed from sound etc.