কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জগৰীয়াjagarīẏāAdjective
অপৰাধী; যাক দায়ী কৰা হয়; দোষী
guilty
- জঘন্যjaghanyaAdjective
বৰ মলিন; কুৰূপ; অধম; নীচ; নিন্দনীয়; বৰ বেয়া
low; vile
- জঙ্গমjaṅgamaAdjective
লৰি-চৰি ফুৰা; জীব থকা সজীব
having motion; living; animated
- জঙ্গলীjaṅgalīAdjective
হাবিৰ নিচিনা; হাবি থকা; যেনে-"জঙ্গলী মাটি"
covered with jungle
- জঙ্গীjong.giProper Adj.
সেনা বাহিনী বা সৈনিকৰ সৈতে সম্পৰ্ক থকা
Of or charactaristics of armed forces or soldiers
- জঙ্ঘলীjong.gho.liProper Adj.
বন্য উদ্ভিদ বা প্ৰাণীৰ দৰে আচৰণ বা ব্যৱহাৰ, অৰ্থাত্ নিৰ্দ্দিষ্ট বাসস্থান বা সংস্কৃত আচৰণ নথকা
character or behaviour suitable for wild plants or animals; that is, without fixed habitat or cultured behavior
- জঙ্ঘাjaṅghāNoun
সৰু গাঁঠিৰ ওপৰ আৰু আঁঠুৰ মাজৰ খণ্ড; কলাফুল
the leg between the ankle and the knee
- জঞ্জলিতjañjalitaAdjective
কষ্টত পৰা; দুঃখগ্ৰস্ত
afflicted; pained
- জঞ্জলীয়াjon.jo.li.yaProper Adj.
কোনো বিশৃংখল আৰু বেমেজালিজনক পৰিবেশ বা অৱস্থা৷
A condition or place of great disorder or confusion.
- জঞ্জাল নথকাAdjective
হাই নথকা; নিৰোল (ঠাই)
quiet
- জটিলjaṭilaAdjective
জোঁট লগা; বেগাই মুকলি কৰিব নোবৰা; সহজে বুজিব নোবৰা; দুৰ্বোধ্য
knotty; complicated; difficult to solve
- জটিলতাবিহীনProper Adj.
কোনো জটিলতা নথকা অৰ্থাৎ সৰল
without complexity
- জটিলতাহীনProper Adj.
কোনো জটিলতা নথকা অৰ্থাৎ সৰল
without complexity
- জটীjaṭīAdjective
জটা থকা; যেনে-"বনবাসী জটী; তপসীক এৰিঃ সীতা দেবী মোক ভজা" (মা. ক., সুন্দৰাকাণ্ড)।
- জটীয়াjaṭīẏāNoun
শিব; সন্ন্যাসী; যেনে-"এখনে জটীয়া দেখোঁ কি বোল বোলয়" (ভীমচৰিত্ৰ)
Śiva; ascetic
- জটৰ-পটৰjo.tor-po.torProper Adj.
মানসিক অস্থিৰতা বা সাজু নোহোৱা অৱস্থাত থকা
being in a tense; unprepared state
- জঠংমঠংjaṭhammaṭhamAdjective
ব্যবহাৰৰ নীতি নজনা
ignorant of etiquette
- জঠঙাjaṭhaṅāAdjective
ঠৰঙা
stiff
- জঠৰjaṭharaNoun
পেট
the belly
- জতুবাjatubāAdjective
নিজৰ জাতৰ বস্ত্তৰ দৰে হোবা; বিজতৰীয়া নোহোবা
remaining in one's own kind; not degenerated; retaining one's own originality