কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওপচAdjective
পৰিপূৰ্ণ; ভৰ-পূৰ; যেনে-"ধানেৰে পাচিটো ওপচ্ হ'ল"
to be full to the brim
- ওপচ-মূৰীয়াAdjective
পাত্ৰৰ কাণ বা মুখতকৈ ওপৰ হোবা; উপচি পৰা; দোণ-মূৰীয়া
rising above the brim of a measure
- ওপৰoparaNoun
ওখ; যেনে-"ইমান ওপৰত"
height
- ওপৰ চকুৱাAdjective Adj.
মন-কাণ দি কাম নকৰা, ভালকৈ লক্ষ্য নকৰা বা আতি-গুৰিলৈ মন নিদিয়া৷
somebody who does not pay attention to details or things around; works carelessly.
- ওপৰ-চকুবাopara-cakubāNoun
গা বগা, পিঠি মুগা, মূৰ-জোঙা, গোটাসজীয়া এবেগেতমান দীঘল এবিধ নৈত থকা মাছ [ইয়াৰ চকু ডাঙৰ আৰু ওপৰমুবা, কমাই যাওঁতে পানীৰ ওপৰত ওলাই যায়]
a kind of fish; Mugil corsula
- ওপৰ-চৰিয়াopara-cariẏāAdjective
নিৰ্দ্দিষ্ট পৰিমাণৰ বাজে পোবা; ওপৰঞ্চি, (লাভ, আয় আদি)
gained over and above the fixed amount
- ওপৰ-তলীয়াopara-talīẏāAdjective
ওপৰ-তল হৈ থকা; ওপৰা-উপৰি; এটা ওপৰত, আনটো তলত হৈ থকা
lying one over the other
- ওফন্দাগলাo`.phon.da.go.laProper Adj.
অসন্তোষ বা খঙত মুখ ওন্দোলাই থকা
having a gloomy or sullen look
- ওফন্দামুৱাo`.phon.da.mu.waProper Adj.
অসন্তোষ বা খঙত মুখ ওন্দোলাই থকা
having a gloomy or sullen look
- ওফন্দি উঠাo`.phon.di u.thaProper Adj.
চাল অথবা পৃষ্ঠভূমিৰ ভিতৰত বৃদ্ধি হোৱা চাপৰ বাবে বাহিৰলৈ সম্প্ৰসাৰণ হৈ টেমুনাৰ আকৃতি লোৱা ।
To grow larger; to dilate or extend the exterior surface or dimensions, by matter added within, or by expansion of the inclosed substance.
- ওফাইডাং মৰাo.phoi.dang mo.raProper Adj.
নিজক ডাঙৰ বুলি ভাবি জহ কৰা
impudently self-assertive
- ওফোন্দাAdjective
উখহা; স্ফীত
puffed
- ওফোন্দা-মুৱাo`.pho`n.da-mu.waProper Adj.
দুখ আৰু নিৰানন্দ প্ৰকাশ কৰা বা ভুক্ত হোৱা
Affected or characterized by sorrow or unhappiness
- ওফোন্দাগলাAdjective
ওফন্দি বা ফুলি উঠা গাল থকা; ভূৰুকা গলা
fat-cheeked
- ওবাছিলobāchilaAdjective
সাধি উলিওবা; আদায় কৰি লোবা; যেনে-"খাজনা ওবাছিল হ'ল"; ; ওবাছিল- বাকী, ওবাছিল-বাঙ্কি (আ. বসূল-বাকী) আদায় হ'বলৈ বাকী থকা ধনৰ হিচাপ; কিমান আদায় হ'ল আৰু কিমান নহ'ল তাৰ লেখ
realised; paid up ; an account of payment and balance
- ওবাজিপobājipaAdjective
ঠিক; যথাৰ্থ
real; true
- ওবাজিবobājibaAdjective
ঠিক; যথাৰ্থ
real; true
- ওবাদানিobādāniAdjective
প্ৰচুৰ; যথেষ্ট; অধিক
abundant
- ওভতAdjective
ভালৰ বিপৰীত; অশ্লীল; নিলাজ; যেনে-"ওভত মাত"
indecent
- ওভতাobhatāAdjective
ওলোটা, বিপৰীত
contrary; opposite