কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লেহেমীয়াlehemiyaVerbal Adj.
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing
- লেহোlehoVerb
লওঁ; যেনে-"তাহে শৰণ লেহো জানি" (বৰগীত)।
- লেৰেক্ ফেৰেক্কৈlerek, pherekkaiAdverb
ফেৰেকা ঠেঙৰ মানুহে খোজ কঢ়াৰ দৰে; ফেৰেকা-ফেৰেককৈ
waddling
- লেৰেলা পৰ্le.re.la porVerb-Intran.
নীৰস হৈ তললৈ হাউলি পৰ্
To dry up or shrink from or as if from loss of moisture.
- লেৰেলি যাle.re.li jaVerb-Intran.
ৰসহীন হৈ হালি পৰা বা শুকাই যোৱা৷
(of a plant) to become weak and begin to bend towards the ground, or (of a person) to become weaker, tired or less confident.
- লেৰেল্le.relVerb-Intran.
ৰসহীন হৈ হালি পৰা বা শুকাই যোৱা৷
(of a plant) to become weak and begin to bend towards the ground, or (of a person) to become weaker, tired or less confident.
- লৈ আন্Verb-Trans.
To bring back something
- লৈ যাloiVerb-Trans.
কোনো বস্তু এঠাইৰ পৰা আন এঠাইলৈ ডাঙি নে
to move something from one place to another by lifting it
- লোক-পৰম্পৰাloka-paramparāAdverb
লোকে কৰা দেখি; যেনে-"লোক-পৰম্পৰা তুমি কৰ্ম্ম নকৰিবা। যিজনে জানয় তত্ত্ব-উপদেশ লৈবা" (মিশ্ৰ-গীতা)
- লোকচক্ষুৰ অন্তৰালতlo`.ko.so.khyur on.to.ra.lotAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- লোকচান হlo`k.san hoVerb-Intran.
ব্যৱসায় বাণিজ্যত আৰ্থিকভাৱে ক্ষতি হ৷
to suffer material loss in a financial activity
- লোকনlo`.konVerbal Noun
দেখা বা চোৱা কাৰ্য্য ।
An act of looking or seeing at somebody/something.
- লোকান্তৰ হlo`.kan.tor hoVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- লোঙাloṅāNoun
লোং; লোৰ
a drain
- লোট্loṭIntransitive verb
মাটিত পৰি বগৰা-বাগৰি কৰ্
to roll on the ground
- লোড্শ্বেডিংlo’d.se.dingVerbal Noun
বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ ওপৰত অতিৰিক্ত চাপ কমাবৰ বাবে নিৰ্দিষ্ট অঞ্চলত নিৰ্দিষ্ট সময়ৰ কাৰণে বিদ্যুৎযোগান বন্ধ ৰখা ৷
the deliberate shutdown of electric power in a part or parts of a power-distribution system, generally to prevent the failure of the entire system when the demand strains the capacity of the system.
- লোপ কৰ্lo`p korVerb-Trans.
To revoke, discontinue or invaidate something
- লোবাlobāNoun
বন্দিয়াৰৰ ভৰিত লগোবা লোৰ আঙঠি যা শিকলি
iron fetter
- লোবা খাlobā, khāIntransitive verb
লোৰ শিকলিৰ বান্ধত পৰ্; যেনে-"এনে কথাত তোমালোকে বাৰম্বাৰ লোবা খাইছা" (বুৰঞ্জী)
to be fettered with iron chains
- লোভ কৰ্lo’bh korVerb-Trans.
আনৰ বস্তু, সা-সম্পত্তি, আদি পাবলৈ হেঁপাহ কৰ্ ৷
to desire wrongfully, inordinately, or without due regard for the rights of others.