কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টিপ-টাপṭipa-ṭāpaNoun
হেঁচি-ঠেলি যন্ত্ৰ আদি লগাবৰ বা চলাবৰ ভাও
the manner of handing or fitting a machine; skill
- টিপ-টিপলীṭipa-ṭipalīNoun
টিপচী।
- টিপচহীtip.so.hiMaterial Noun
বুঢ়া আঙুলিৰ পেটত চিয়াহী লগাই দলিল আদিত চহীৰ পৰিৱৰ্তে ৰখা তাৰ সাঁচ ।
The impression made by the thumb with the help of ink so as to put sign on any writ or other documents. Sometimes it is also used to recognize the authenticated person or criminals.
- টিপচীṭipacīNoun
এবিধ নেচেই সৰু মুগা-বৰণীয়া চৰাই; নেঘেৰি চৰাই
a kind of very small bird
- টিপচী-ভজাNoun
নগণ্য বা যৎসামান্য উপহাৰ
a humble gift
- টিপটিপলীtip.ti.po.liCommon Noun
এবিধ সৰু ছাই বৰণীয়া চৰাই৷
a kind of small grey coloured bird.
- টিপনিṭipaniNoun
ভৰি বা হাতৰ আঙুলিৰে অলপকৈ মৰা হেঁচা; টিপা
squeezing or pressing with the fingers or toes
- টিপাṭipāNoun
আঙুলি বা হাতেৰে মৰা চেপা
a squeeze
- টিপাইমুখti.pai.mukhProper Noun
বৰাক আৰু ইয়াৰ উপনৈ টুইভাৰৰ সংগম সংগমস্থল৷ মনিপুৰৰ এখন প্ৰখ্যাত ঠাই৷ অসম মনিপুৰ মিজোৰামৰ সীমামূৰীয়া৷
Tipaimukh is located in south-western hilly region of Manipur bordering the Indian state of Mizoram. Meeting point of river barak and its tributary tuiver.
- টিপিয়া-টিপিNoun
চকু টিপিয়াই পৰস্পৰে মনৰ ভাব বুজোবা কাৰ্য্য
act of expressing one another's thoughts by winking
- টিপ্পনীṭippanīNoun
টীকা; কোনো পুথিৰ অৰ্থ বুজোবা সংক্ষেপ ব্যাখ্যা বা পুথি
a commentary
- টিপ্পনী কাকতtip.po.ni ka.kotMaterial Noun
চৰকাৰী কাম কাজৰ খতিয়ান লিখিবলৈ,কামৰ বাবে বৰমূৰীয়া বিষয়াৰ পৰা অনুমতি বিচাৰি টিপ্পনী লেখা কাকত।
plain paper used in government offices to write official notes (for record, information and to get approval by superior officer for different activities).
- টিফাইṭiphāiNoun
জুই ধৰিবৰ নিমিত্তে লো বা মাটিৰে সাজি লোবা জুহাল
a portable fire-place
- টিফিনṭiphinaNoun
পঢ়াশালি বা কাৰ্য্যালয়ত পিছ বেলা খোবা পাতল আহাৰ।
tiffin
- টিবিti.biAbstract Noun
মাইক`বেক্টেৰিয়াম টিউবাৰকুল`ছিচ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা বিশেষকৈ হাওঁফাওঁত হোৱা এক প্ৰকাৰ বীজাণুজনিত ৰোগ।
an infectious disease that may affect almost any tissue of the body, esp. the lungs, caused by the organism Mycobacterium tuberculosis, and characterized by tubercles.
- টিভিti.bhiMaterial Noun
চলন্ত ছবি আৰু শব্দ বহু দূৰলৈকে পঠোৱা আৰু গ্ৰহণ কৰাৰ বাবে বহুলভাৱে ব্যৱহৃত এক দূৰ-সংযোগ পদ্ধতি।
A widely used telecommunication system for broadcasting and receiving moving pictures and sound over a distance.
- টিলাṭilāNoun
সৰু চাপৰ পৰ্ব্বত; বৰ ওখ ডাঙৰ হাঁফলু
a hillock
- টিলাই-কাঠṭilāi-kāṭhaNoun
মৰলীয়া গছৰ পাতৰ নিচিনা কিন্ত্ত তাতকৈ কিছু সৰু পাতেৰে এবিধ পোলোঙা সৰু বনৰীয়া গছ
a kind of shrub
- টিলিংṭilimNoun
টিলিঙা বা ঘণ্টাৰ শব্দৰ নিচিনা মাত
an imitative word used to express the ringing sound of a small bell
- টিলিংখপṭiliṅkhapaNoun
খুঁটিতাল বজালে হোবাৰ নিচিনা শব্দ
a sound like that of small cymbals clasped together