কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘিলা-সংযোগghilā-saṃyogaNoun
ডাঙৰ পেৰা আদি সহজে আন ঠাইলৈ লৰাবৰ কাৰণে তাৰ তলত লগোবা সৰু চকৰিৰ যতন
a wheel work; combination of wheels and their connection with something
- ঘিলা-হাঁহghilā-hām̐haNoun
এবিধ হাঁহ; সৰু বনৰীয়া পানী-হাঁহ
a species of teal
- ঘিলাধাৰীProper Noun
ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা ওলাই শোণিতপুৰৰ মাজেদি বৈ বুঢ়া লুইতত মিলিছে৷
A tributary of Brahmaputra coming from Arunachal flowing through Sonitpur District.
- ঘীghiMaterial Noun
মাখনৰদৰে এবিধ দুগ্ধজাত সামগ্ৰী| ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ৰন্ধন সামগ্ৰী ৰূপে ব্যৱহাৰ হয়| ভাৰতত হিন্দুধৰ্মীলোকে পূজা-পাতলতো ব্যৱহাৰ কৰে|
a milk product, a clarified butter without any solid milk particles or water. Used for cooking in India and some other South Asian countries.
- ঘুকুচ্মৈghukucmaiNoun
বেলিপকাৰ নিচিনা আৰু প্ৰায় সিমান ডাঙৰ এবিধ বনৰীয়া লতা
a wild creeper and its fruit
- ঘুগনিMaterial Noun
বুট, মটৰমাহ আদিৰ লগত আলু দি ৰন্ধা খাদ্য বিশেষ
A kind of curry made of potato, peas etc.
- ঘুগুনিMaterial Noun
বুট, মটৰমাহ আদিৰ লগত আলু দি ৰন্ধা খাদ্য বিশেষ
A kind of curry made of potato, peas etc.
- ঘুগুলাghugulāNoun
কোনো শস্য বা বস্ত্ত মাৰিলে, খঁচিলে বা খুন্দিলে তাৰপৰা ভাগি-ছিগি গুৰি হৈ ওলোবা জাবৰ
the crumbled pieces of anything; trash
- ঘুগুলিghuguliNoun
এবিধ জাক পাতি ফুৰা সৰু মাছ
a kind of very small fish
- ঘুগুৰাghugurā
ঘৰ্ঘৰা] বি. তিৰোতা বা ল'ৰাক পিন্ধোবা জুনুকাৰ মালা
a girdle of small bells
- ঘুচিয়া-ঘুচিVerbal Noun
হাতৰ মুঠিৰে আঘাত কৰা বা ঢকা মৰা-মৰি ৷
cuffs or blows with the fists.
- ঘুঞ্চাghuñcāNoun
জগন্নাথৰ ভাৰ্য্যা
a wife of Kṛṣṇa
- ঘুণghuṇaNoun
কাঠ বাঁহ আদি বিন্ধি নষ্ট কৰা এবিধ পাখি লগা পোক
a small insect that eats into timber, etc.
- ঘুণ-গুৰিghuṇa-guriNoun
ঘুণে কাঠ-বাঁহ আদি খাই কৰা গুৰি
bamboo and timber reduced to powder by the ghun
- ঘুণ্টাghuṇṭāNoun
আঘাত; খুন্দা
collision; clashing
- ঘুনুক ঘানাকghu.nuk gha.nakAbstract Noun
সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ
A piece of unverified information of uncertain origin usually spread by word of mouth
- ঘুনুচাghunucāNoun
জগন্নাথৰ ভাৰ্য্যা
a wife of Kṛṣṇa
- ঘুনুচা-জৰীghunucā-jarīNoun
কঁকালত বন্ধা বা ডিঙিত পিন্ধা এবিধ ৰঙা বা ৰঙা-ৰচঙা সূতাৰ চেলা-জৰী
a fancy cord or lace or coloured thread for fastening on the waist or wearing on the neck as ornament
- ঘুপুহghupuhaNoun
গধুৰ বস্ত্ত বেগেৰ পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express a thud or the sound produced by a heavy body falling on the ground
- ঘুমটিghumaṭiNoun
নিদ্ৰা
sleep