কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গতি সূত্ৰgo.ti xu.troAbstract Noun
নিউটনৰ তৃতীয় গতি সুত্ৰ
Newton' s third law of motion
- গতি-গোত্ৰgati-gotraNoun
গতি-মতি।
- গতি-প্ৰকৃতিgo.ti-pro.kri.tiAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- গতি-বিধিgati-bidhiNoun
আও-ভাও; নিয়ম-প্ৰণালী
mode of doing; modus operandi
- গতি-মতিgati-matiNoun
স্বভাব; প্ৰকৱতি; চলন
conduct; character
- গতিগোত্ৰgo.ti.go`.troAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- গতিধাৰাAbstract Noun
General direction specially of opinion, fashion or events
- গতিপথgo.ti.pothAbstract Noun
সূৰ্য্যৰ দৰে মহাজাগতিক কোনো অস্তিত্বক গ্ৰহ, উপগ্ৰহ, মহাকাশ যান আদিয়ে প্ৰদক্ষিণ কৰা, সাধাৰণতে অধিবৃত্তাকাৰ এক পথ
the path, usually elliptical, described by a planet, satellite, spaceship, etc., around a celestial body, as the sun.
- গতিবিজ্ঞানgo.ti.big.ganAbstract Noun
পদাৰ্থবিজ্ঞানৰ এটা ভাগ য’ত গতিৰ ওপৰত বলৰ ক্ৰিয়া অধ্যয়ণ কৰা হয়
the branch of physics which studies the effect of force on motion of objects
- গতিবেগgo.ti.begAbstract Noun
গতিৰ ক্ষিপ্ৰতা বা খৰ অৱস্থা
swiftness of motion
- গতিময়তাgo.ti.mo.yo.taAbstract Noun
এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা ক্ষমতা বা সামৰ্থ্য
the ability to move from one place to the other
- গতিশীলতাgo.ti.xi.lo.taAbstract Noun
এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা ক্ষমতা বা সামৰ্থ্য
the ability to move from one place to the other
- গতিহীনতাAbstract Noun
গতি নথকা গুণ বা অৱস্থা
lack of movement
- গতিৰোধকgo.ti.ro’.dhokMaterial Noun
পাৰ হ`বলগীয়া যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাস্তাৰ ওপৰত পথালিকৈ নিৰ্মাণ কৰা ঢাপ
a small hip constructed across a road to control speed of passing vehicles
- গত্যন্তৰgatyantaraNoun
অন্য উপায়
other means or alternative
- গত্gotAbstract Noun
কোনো সুনিৰ্দিষ্ট ধৰণ, চৰিত্ৰ বা কলাসন্মত পদ্ধতি৷
a particular, distinctive, or characteristic mode of action or manner of acting.
- গদলাgadalāNoun
ঘোঁৰা বা হাতীৰ গাদীৰ তলত পাৰি দিয়া তুলি বিশেষ; তলচা
quilted cloth spread under a saddle or elephant's pad; a saddle-cloth
- গদাgadāNoun
মুদ্গৰৰ নিচিনা এবিধ যুদ্ধত ব্যবহাৰ কৰা ডাঙৰ লোৰ টাঙোন
an iron mace; a club
- গদাধৰgadādharaNoun
বিষ্ণু
a name of a Viṣṇu
- গদাধৰ নৈgo.da.dhor noiProper Noun
ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ ভুটানৰ পৰা ওলাই কোকৰাঝাৰ আৰু ধুবুৰীৰ মাজেদি বৈ ব্ৰহ্মপুত্ৰত মিলিছে৷
A tributary of Brahmaputra originating from Bhutan flowing through Kokrajhar and Dhuburi district meet Brahmaputra.