কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰা-বন্ধাdharā-bandhāAdjective
ধৰি বান্ধি দিবাৰ দৰে লৰ-চৰ বা ইফাল-সিফাল হ'ব নোবৰা; অলৰ; তাঙিৰ নোবৰা; যেনে-"ধৰা-বন্ধা নিয়ম"
hard and fast; fixed; settled
- ধৰা-মেলাকৈdho.ra-me.la.koiVerbal Adj.
একেটা কামতে অনেকজনে ধৰি বা হাত লগাই পৰস্পৰে সহায়কৈ কৰা ৷
to do any work by helping each other.
- ধৰাশায়ীdho.ra.xa.yiVerbal Adj.
যুদ্ধত পৰাজয় হৈ মাটিত পৰি যোৱা।
fallen to the ground (after being defeated in a fight).
- ধৰীয়াdharīẏāAdjective
জৰীত ধাৰ পাতি গঁথা
arranged on a string
- ধৰুবাdharubāAdjective
ধাৰে ধন বা বস্ত্ত লোবা; ঋণী
indebted
- ধৰুৱাdho.ru.waProper Adj.
পাছত ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত কাৰোবাৰ পৰা কোনো বস্তু বা ধন লোৱা ব্যক্তি
Someone who receives something or money on the promise to return it or its equivalent.
- ধৰ্ম-নিৰপেক্ষdharma-nirapekṣaAdjective
বেলেগ বেলেগ ধৰ্ম্মক সমান ব্যবহাৰ কৰা
secular
- ধৰ্মচ্যুতdhor.mo.syu.toProper Adj.
যি কোনো নীতি-বিৰুদ্ধ অসৎ কাৰ্য্য কৰিছে
having committed unrighteous acts
- ধৰ্মনিৰপেক্ষdhor.mo.ni.ro.pe.khoAdjective Adj.
কোন বিশেষ এক ধৰ্মীয় মতবাদত বিশ্বাস নকৰা উদাৰপন্থী মনোভাৱ|
Not specifically relating to religion or to a religious body
- ধৰ্মপ্ৰাণProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- ধৰ্মপৰায়ণdhor.mo.po.ra.yonProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- ধৰ্মভীৰুdhor.mo.bhi.ruProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- ধৰ্মভ্ৰষ্টdhor.mo.bhros.toProper Adj.
যি কোনো নীতি-বিৰুদ্ধ অসৎ কাৰ্য্য কৰিছে
having committed unrighteous acts
- ধৰ্মষুProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- ধৰ্মাত্মাdhor.mat.maProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- ধৰ্মান্তৰিতdhor.man.to.ritProper Adj.
যাৰ ধৰ্ম বা ধৰ্মীয় বিশ্বাস সলনি কৰা হৈছে
one who has been converted, as to a religion or faith
- ধৰ্মান্ধdhor.man.dhoCommon Noun
যুক্তিলৈ নেচাই নিজৰ ধৰ্মত অন্ধভাৱে বিশ্বাস ৰখা আৰু আনৰ ধৰ্মক ঘিণ কৰা ব্যক্তি |
A person who believes his own religion blindly and hates other religion.
- ধৰ্মাৱলম্বীdhor.ma.wo.lom.biVerbal Adj.
এক বিশেষ ধৰ্মৰ অন্তৰ্গত অথবা অনুগত
belonging to or following a particular religion
- ধৰ্মীয়dhor.mi.yoVerbal Adj.
ধৰ্ম সম্পৰ্কীয়
pertaining to a religion
- ধৰ্মীয় অনুশাসনিকProper Adj.
গতানুগতিক বা স্বীকৃতিপ্ৰাপ্ত নিয়ম গঠন
on forming orthodox or recognized rules.