কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফালিphāliNoun
মূৰত মেৰাই পিন্ধা ঠেক কাপোৰ
a strip of narrow cloth for wrapping round the head
- ফালেঙীphāleṅīNoun
লাভৰ কাৰণে লোকৰ বস্ত্ত বেচি দিওঁতা; লোকৰপৰা বস্ত্ত আনি বেচি ফুৰা মানুহ
a broker; a hawker
- ফালেঙ্গীpha.leng.giCommon Noun
ধনৰ বিনিময়ত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যোগাযোগ কৰি দিয়া লোক।
a person who takes commission to establish contacts between a seller and a buyer.
- ফালোঁতাpha.lo`~.taVerbal Noun
যি বিদাৰণ কৰে বা ফালে।
one who tears or causes to fall apart (somethings).
- ফাল্phālTransitive verb
ছিৰ্; ছিটাছিট কৰ; দুই বা বহু ফাল কৰ্
to ear, rend or split
- ফাল্গুনphālgunaNoun
বছৰৰ একাদশ মাহ
- ফাল্গুনিphal.gu.niProper Noun
পঞ্চপাণ্ডৱৰ তৃতীয় ভ্ৰাতৃ৷ এখেতৰ দেৱপিতৃ ইন্দ্ৰদেৱ আৰু মাক কুন্তী৷ তেওঁ ’মহাভাৰত’ৰ সময়ত সৰ্বশ্ৰেষ্ঠ ধনুধৰ আছিল৷ দুয়োহাতে সমানে ধনু চলাব পাৰিছিল বাবে তেওঁক সব্যসাচী বুলিও কয়৷
the third brother of the Pandavas; the greatest archer of his time.
- ফাহিয়ানpha.hi.yanProper Noun
গুপ্তযুগৰ বিখ্যাত চীন পৰিব্ৰাজক৷ খ্ৰীঃ চতুৰ্থ শতিকাত বৌদ্ধ ধৰ্মৰ বাবে ভাৰতলৈ আহিছিল৷
The first Chinese traveler to visit India. He was born in 374 AD in Xansi. He was a follower of Buddhism. His goal of the journey to India was to find the true copy of the book detailing the traditions in Buddhism and to visit the Buddhist pilgrimage centres here. He bgan his journey in AD 399. He reached India during the rule of Gupta dynasty.
- ফাৰাকphārākaNoun
আঁতৰ; . বিণ. দূৰ; বেলেগ
distance ; distant; separate
- ফাৰাকাতিphārākātiNoun
এক পৰিয়াল-ভুক্ত মানুহক বেলেগ কৰা কাকত
a partition deed
- ফাৰাক্কাpha.rak.kaProper Noun
পশ্চিম বংগৰ সৰু চহৰ৷ ইয়াত গংগাৰ ওপৰত বান্ধ দি হুগলী নদীত বেছি পানী যোগান ধৰিবলৈ ব্যৱস্থা কৰা হৈছে,যাতে কলিকতা বন্দৰটো বাচি থাকে৷
A small township famous for Farakka Barrage Project. A dam in Ganga to allow more water to the river Hoogly to maintain Calcutta port.
- ফাৰ্চীphārcīNoun
পাৰস্য দেশৰ ভাষা
the Persian language
- ফাৰ্ছীphārchīNoun
পাৰস্য দেশৰ ভাষা
the Persian language
- ফাৰ্মাচীphar.ma.siMaterial Noun
ঔষধ অথবা চিকিৎসা সম্বন্ধীয় বস্তু বিক্ৰী কৰা দোকান|
A retail shop where medicine and other articles are sold.
- ফাৰ্মিয়ামphar.mi.yamMaterial Noun
ই তেজস্কিয় মৌল৷ পাৰমাণবিক সংখ্যা ১০০৷ ইউৰেনিয়াম উত্তৰ মৌল৷
A synthetic element with symbol Fm and atomic number 100. It is a member of the actinide series.
- ফিকাphikāNoun
নৈৰ গৰাৰ যি ঠাইত পানী খুন্দা খাই বেগেৰে বয়
a place in a river bank against which the current dashes itself violently
- ফিকা চাহphi.ka sahMaterial Noun
গাখীৰ নিদিয়াকৈ বনোৱা চাহ৷
Tea that is prepared without milk.
- ফিকিৰphikiraNoun
কৌশল; ছলনা
contrivance; deception
- ফিঙphiṅaNoun
ফেঁছ বা ফেঁচু চৰাই।
- ফিঙাphiṅāNoun
ফেঁছ বা ফেঁচু চৰাই।