কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধাৰকত্বdha.ro.kot.toAbstract Noun
বৈদ্যুতিক আদান সঞ্চয় কৰিব পৰা ক্ষমতা| কোনো পৰিবাহীত থকা আধাৰ আৰু ইয়াৰ বৈদ্যুতিক বিভৱৰ অনুপাত
the property of being able to collect a charge of electricity. the ratio of an impressed charge on a conductor to the corresponding change in potential.
- ধাৰণdhāraṇaNoun
ধৰা কাৰ্য্য
the act of bearing, holding or having
- ধাৰণক্ষমতাdha.ron.khyo.mo.taAbstract Noun
কোনো ভাৰ বা বোজা বহন কৰিব বা ধৰি ৰাখিব পৰা ক্ষমতা
ability to support, hold, or bear up from below; bear the weight of, as a structure
- ধাৰণাdhāraṇāNoun
স্মৰণ-শক্তি
memory
- ধাৰণাশক্তিdha.ro.na.xok.tiAbstract Noun
কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|
the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent
- ধাৰণীMaterial Noun
মৰাপাট অথবা আন কোনো আঁহেৰে নিৰ্মিত সৰু জৰী ।
A lightweight cord usually made of fiber, used for fastening, tying, or lacing.
- ধাৰমাদলীdhāramādalīNoun
"ধৰীয়া-বিৰি" চোবাঁ।
- ধাৰাdhārāNoun
ৰীতি; নিয়ম
usage
- ধাৰা-বিৱৰণীdha.ra-bi.bo.ro.niAbstract Noun
চলি থকা কোনো ঘটনা বা অনুষ্ঠানৰ চাক্ষুস বৰ্ণনা
Descriptive spoken account of an event or performance as it happens
- ধাৰাঙ্কুৰdha.rang.kurCommon Noun
আগে আগে যোৱা পথাচাৰী সৈনিকৰ দল৷
one of a group of foot soldiers detailed to make roads, dig intrenchments, etc., in advance of the main body.
- ধাৰাধৰdha.ra.dhorMaterial Noun
পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি
a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes
- ধাৰাপাতdhārāpātaNoun
অঙ্কৰ নিয়মাদি থকা প্ৰথম কিতাপ
the first book on Arithmetic
- ধাৰাবাহিকতাdha.ra.ba.hi.ko.taAbstract Noun
একেৰাহে চলি থকা বিষয়ক ৷
the state of being continuous or logically related.
- ধাৰাবাহিকতাহীনতাdha.ra.ba.hi.ko.ta.hi.no.taAbstract Noun
আচৰণ বা গুণৰ ক্ষেত্ৰত একে হৈ নথকা।
not staying the same in behaviour or quality.
- ধাৰাবিষMaterial Noun
the horn of a rhinoceros; these are actually compacted hair, not true horn.
- ধাৰাভাষ্যdha.ra.bha.syoAbstract Noun
চলি থকা কোনো ঘটনা বা অনুষ্ঠানৰ চাক্ষুস বৰ্ণনা
Descriptive spoken account of an event or performance as it happens
- ধাৰাভাষ্যকাৰdha.ra.bha.syo.karCommon Noun
চলি থকা কোনো অনুষ্ঠানৰ ধাৰা-বিৱৰণী আগবঢ়োৱা ব্যক্তি।
A person who provides commentary or running account of events.
- ধাৰিdhāriNoun
শাৰী; যেনে-"বাঁহ এধাৰি"
a row; a line; a clump, as of bamboos
- ধাৰীdhārīNoun
আধাৰ-ৰূপে ধৰোঁতা; লওঁতা; পিন্ধোতা; উপবোগ কৰোঁতা; অধিকাৰ কৰোঁতা
a holder; one who does or puts on; a possessor
- ধাৰয়িত্ৰীdhar.yi.triMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.