কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আওটনি পাচিCommon Noun
A container for keeping household refuse or leftovers.
- আওডুবিāoḍubiNoun
বৰ দ কুঁড় বা ডুবি; নৈৰ বৰ দ ঠাই
a very deep place in a river
- আওতাAbstract Noun
কিমান ঠাই অথবা গভীৰলৈ প্ৰভাৱ থাকে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়| যেনে - বুদ্ধিৰ ব্যাপ্তি|
The point or degree to which something extends.
- আওনা-আউনিāonā-āuniNoun
অঁৰিয়া-অঁৰি; টনা-আঁজোৰা; বগিয়া-বগি; এজন আনজনতকৈ শ্ৰেষ্ঠ হ'বলৈ চেষ্টা
a mutual struggle; rivalry; the act of dragging one another
- আওনাআউনিao’.na.au.niCommon Noun
এজনে আন এজনৰ লগত বাগি ধৰা কাৰ্য্য ৷
the act of competing with one another.
- আওন্ধāondhaNoun
আন্ধ।
- আওপাকāopākaNoun
ওভোতা পাক; বিপৰীত ফাললৈ ঘূৰণ; যিফালে ল'ব লাগে সেইফালে নোলোবা পাক
an opposite turn or revolution; a wrong twist
- আওফালāophālaNoun
উপযুক্ত বা চল লগা ফালৰ বিপৰীত ফাল
wrong side
- আওবাটao`.batProper Noun
যি বাটে যোৱা উচিত নহয়; ভুল বাট।
The path which should not be taken; something away from the goal.
- আওবাৰāobāraNoun
অশুভ বাৰ বা দিন; কোনো কামৰ নিমিত্তে অনুপযুক্ত দিন
an inauspicious day; any day not fit for a particular purpose
- আওভাওao’.bhao’Abstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- আওমৰণāomaraṇaNoun
অস্বাভাবিক মৰণ; অপঘাত মবণ
unnatural death
- আওলাāolāNoun
ঘৰৰ পানী-পাছৰ খুঁটাৰ বাহিৰে ওলমি বা ওলাই থকা চাল
the eaves of a house
- আওলাতāolātaNoun
গছ আদি সম্পত্তি; সন্তান-সন্ততি।
- আওসাao`.xaAbstract Noun
শুদ্ধতা বা সঠিকতাৰ পৰা আঁতৰি যোৱা; যি মিছা তাক বিশ্বাস কৰা অৱস্থা
a deviation from accuracy or correctness; the condition of believing what is not true
- আওহতীয়া ঠাইau.ho.ti.ya thaiAbstract Noun
কোনো কোঠা, পথাৰ বা অঞ্চলৰ এফালৰ সৰু অংশ৷
a corner, a secluded place
- আওহাতāohātaNoun
বাঁও হাত
the left hand
- আওহেলাāohelāNoun
আওকাণ; অমনোযোগ
inattention
- আওৰাটāorāṭaNoun
বেয়া বাট; আচল বা বিজুতি বাট
a wrong way
- আকākaPronoun
এওঁক; ইয়াক
this thing or person