কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টিংটিংṭiṇṭimNoun
ধাতু বা টান বস্ত্তত সৰু মাৰিৰে কোবালে হোবাৰ নিচিনা শব্দ
an imitative word used to express the tinkling of metals, etc.
- টিংটিঙনিNoun
টিংটিং কৰা কাৰ্য্য
act of producing a tinkling sound
- টিংটিঙ্গনিting.ti.ngo.niAbstract Noun
সৰু মাৰিৰে ধাতুত আঘাট কৰিলে হোৱা শব্দ ।
a succession of short, light, ringing sounds, as a small bell.
- টিউচনtiu.sonAbstract Noun
মাচুলৰ বিনিময়ত ঘৰুৱা শিক্ষকৰ দ্বাৰা দিয়া ব্যক্তিগত শিক্ষা ব্যৱস্থা৷
the charge or fee for instruction, especially at a formal institution of learning or by a private tutor usually in the form of one-to-one tuition.
- টিউনিচিয়াtiu.ni.si.yaProper Noun
উত্তৰ আফ্ৰিকাত থকা আৰব সংঘৰ এখন দেশ।
The northernmost country in Africa and, at almost 165,000 square kilometres (64,000 sq mi) in area, the smallest country in the Maghreb region of North Africa.
- টিউবাৰাছ স্ক্লেৰ’ছিছNoun
টিউবাৰাছ স্ক্লেৰ’ছিছ
টিউবাৰাছ স্ক্লেৰ’ছিছ
- টিউমাৰtiu.marMaterial Noun
শাৰীৰিক কাৰ্যকৰণত কোনো ধৰণৰ সহায় নকৰাকৈ দেহৰ কোনো অংশত কোষসমূহ অসাধাৰণভাৱে বাঢ়ি যোৱা এটা ৰোগ৷
a mass of abnormally growing cells that serve no useful bodily function
- টিকṭikaNoun
টিকনি; যেনে-"বৰৰ কন্যাৰ এক ঠাই কৰি টিক" (ৰুক্মিণী- হৰণ); টিক'ধৰ্ দৰা-কন্যাৰ চুলি লগ লগাই তাত শিল এটা, তিল আদি বস্ত্ত ৰাখি বামুণে মন্ত্ৰ পঢ়ি দুইকো লগ লগা; যেনে-"সোণ ৰূপাই টিক ধৰ আঁজলি ভৰিয়া" (বিয়াৰ গীত)
to join the hairs of the bride and the bridegroom, as a nuptial tie
- টিক-টিক চৰাইtik-tik so.raiCommon Noun
The Zitting Cisticola, Cisticola juncidis, is an Old World warbler in the genus Cisticola. This genus is sometimes split off with various other southern warbler genera and given family status as the Cisticolidae. This species was previously known as Fan-tailed Warbler , but the current name gives consistency with the many tropical cisticola species.It is also found in Assam, particularly in Dibru-Saikhowa National Park.
- টিকচালিṭikacāliNoun
দুষ্টালি
wickedness
- টিকটṭikaṭaNoun
প্ৰবেশৰ বা অন্য প্ৰকাৰ অধিকাৰ দিয়া এক প্ৰকাৰ কাগজৰ টুকুৰা।
ticket
- টিকটিকtik.tikVerbal Noun
ঘড়ীয়ে জেঠী আদিয়ে নিয়মীয়াকৈ কৰা সৰু, চুটি, মিহি শব্দ৷যেনেঃ ঘড়ীটোৱে কয় শুনা টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক৷
short, light, repeated sound made by a clock (or a lizard)
- টিকটিকিṭikaṭikiNoun
অপৰাধী মানুহক বান্ধি বেতেৰে কোবাবলৈ কৰা কাঠৰ যতন
a wooden frame for flogging criminals
- টিকনিṭikaniNoun
মূৰৰ মাজৰ চুলি
a long tuft of hair on the crown of the head
- টিকনি জৱাti.ko.ni jo.baCommon Noun
জৱা ফুলৰ এবিধ প্ৰজাতি৷ অসমত সহজতে উপলব্ধ৷
A species of flowering plant in the hibiscus family, Malvaceae, that is native to the Southeastern United States, Mexico, Central America, and South America.
- টিকনি-বৰাṭikani-barāNoun
গাত কাঁইট থকা আৰু পাবে পতি একোখন পাণৰ নিচিনা পাত মেলা এবিধ টান লতা [তাৰে বেঁতৰ নিচিনাকৈ সূত তুলাই বেৰ-ঘৰ বান্ধে।]
a kind of creeper
- টিকাṭikāNoun
মনেৰে কৰা নিৰ্ণয় (মূল্য, পৰিমাণ, জোখ)
a conjecture about the value, quantity, measure, etc., of a thing
- টিকা-সঁকাṭikā-sam̐kāNoun
নিশ্চয় কৰা জোখ, মূল্য আদি
estimate of value, quantity, etc.
- টিকিti.kiAbstract Noun
মাজ মুৰত অকনমান পাছফাললৈ থকা চুলিৰ দীঘলীয়া কোছা ৷
a number of haire fastened or closely grouped together
- টিকিৰাṭikirāNoun
চিলিমত জুই লগাবলৈ এঙাৰ গুৰি কৰি কৰা সৰু সৰু চাকলি
a small charcoal cake for burning the tobacco in the chilim