কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আউলাMaterial Noun
নিসিজোৱাকৈ ৰ’দত শুকোৱা ধানৰ পৰা উলিওৱা চাউল ৷
Rice made without boiling but by simply drying the paddy in the sun before husking.
- আউলাপচুāulāpacuNoun
কুশ্ৰী বস্ত্ত বা কথা দেখিলে বা শুনিলে যি ভাব হয়, সেই ভাব প্ৰকাশ কৰা মাত; নিন্দা কৰা বা শাও দিয়া মাত
an expression of disgust; a form of curse
- আউলু-আপচুāulu-āpacuNoun
কুশ্ৰী বস্ত্ত বা কথা দেখিলে বা শুনিলে যি ভাব হয়, সেই ভাব প্ৰকাশ কৰা মাত; নিন্দা কৰা বা শাও দিয়া মাত
an expression of disgust; a form of curse
- আউৰāura
অব্য, আৰু।
- আউৰণিāuraṇiNoun
আৰাও; গোজৰণি; চিঞৰ
roar; loud noise; scream
- আও-কচুāo-kacuNoun
এবিধ বনৰীয়া কচু; . বিণ. দুষ্ট
a species of wild arum ; wicked
- আও-বড়āo-baṛaNoun
আয়ু-বড়; আহোম ৰজাসকলে নিজ প্ৰথা অনুসৰি সিংহাসনত উঠি; দীৰ্ঘজীবী হ'বৰ কামনাৰে ৰোবা বড় গছ
a banyan tree used to be planted to ensure the longevity of an Āhom king
- আও-ভাওāo-bhāoNoun
কাম কৰিবৰ দিহা বা নিয়ম
method
- আওকঠীয়াāokaṭhīẏāNoun
বেয়া সঁচ বা জাত
low origin
- আওকণীয়াāokaṇīẏāNoun
আন ফাললৈ কাণ দিয়া; নুশুনা; আওহেলা কৰা
not attentive; turning the ear away
- আওকথাāokathāNoun
বেয়া বা অসঙ্গত কথা; অযুগুত কথা
unreasonable or inconsistant statement
- আওকাঠāokāṭhaNoun
কোমল বা সাৰ নথকা কাঠ; নৰম বিধৰ কাঠ
wood of inferior quality
- আওকাণāokāṇaNoun
শুনিবৰ ইচ্ছা নকৰি কাণ আন ফালে নিয়া; কাণ নকৰা; অমনোযোগ; আওহেলা
the act of turning a deaf ear; inattentiveness
- আওকালāokālaNoun
অশুভ কাণ; অসময়; বেয়া বতৰ
bad or inauspicious time; unreasonable weather
- আওকিলāokilaNoun
পাচলৈ বা একতীয়াকৈ কিলাকুটিৰে মৰা কিল
a backward or sideward blow struck with the elbow
- আওখটিāokhaṭiNoun
আখটি; আমনি; জেউৰ; ল'ৰাৰ ঠেহ
vexation; childish whim
- আওখাটao`.khatAbstract Noun
অতিমাত্ৰা শক্তি প্ৰয়োগ কৰি আমনি কৰা৷
act of extreme forceful troubling.
- আওগৰুāogaruNoun
গো-মূৰ্খ; গৰুৰো অধম; অতি মূৰ্খ
a dunce; a very foolish person
- আওঘটনাāoghaṭanāNoun
দুৰ্ঘটনা; নহ'ব লগাত হোবা ঘটনা
mishap; an unforeseen event
- আওটনিāoṭaniNoun
যি ঠাইত কাঁহী-বাট আদি সাজ পৰিষ্কাৰ কৰা হয়; চুবা-পাতনি; বেয়া বস্ত্ত পেলোবা ঠাই; জাবৰ পেলোবা ঠাই
a place where filth and refuse are thrown